কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপটতাko.po.to.taAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- কপটবেশkopot.beshAbstract Noun
নিজা ৰূপ বা প্ৰকৃতি ঢাকিবলৈ ব্যৱহাৰ কৰা বাহ্যিক ৰূপ
outward semblance that misrepresents the true nature of something
- কপটাচাৰNoun
কপট-ব্যবহাৰ; ভিতৰে বেয়া; বাহিৰে দেখাত ভাল আচৰণ; ভণ্ডামি
hypocritical conduct; deception
- কপটালিko.po.ta.liAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- কপটিkapaṭiNoun
গুদু-গুদু খেল; এবিধ ধেমালি [সাধাৰণতঃ ইয়াক মাঘৰু বুহুত নৰাণিত খেলে; এই খেলত মাজতে (পথাৰৰ আলি এটা) সীমা কৰি সমান সংখ্যাৰ খেলুবাই দুফালে দুদল হৈ খিয় হয়, তাৰ পাছত এদলৰ এটা মানুহে উশাহ নসলোবাকৈ "কপ্টী কপ্টি" বা "গুদুগুদু" শব্দ কৰি সিটো দলৰ সীমাৰ ভিতৰলৈ গৈ তাহাঁতৰ এটাক বা কেইবাটাকো একে উশাহে ছুই আহি নিজৰ সীমাৰ ভিতৰ সোমালেহি, ছুই খৈ অহা কেইটা "মৰিল" বুলি কয় আৰু তাহাঁতে খেলিব নোবাৰে; কিম্বা যিটোবে "কপ্টি" দিয়েগৈ তাক যদি ইদলৰ মানুহে সিহঁতৰ সীমাৰ ভিতৰত ধৰি ৰাথি তাৰ উশাহ এৰুবাব পাৰে তেন্তে সি "মৰিব"; উশাহ নেৰাকৈ যদি সি এৰাই আহিব পাৰে, তাক যি কেইটাই ছুইছিল সেইকেইটা মৰিব; এইদৰে অগিয়া- বগিয়াকৈ খেলি যিটো দলৰ খেলুবাই আগেয়ে "মৰি" অন্ত হয়, সেই দল হাৰে, ইদল জিকে।]
a kind of manly outdoor sport
- কপট্ko.potAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- কপতিko.po.tiCommon Noun
অসমত সততে উপলব্ধ পাৰ জাতীয় চৰাই।
A common member of the family Columbidae.
- কপলিংkop.lingMaterial Noun
ৰেলগাড়ীৰ ডবাবোৰ সংযোগ কৰা এবিধ আহিলা ।
a device for connecting railway vehicles or parts og machinery together.
- কপহুবাkapahubāNoun
কপাহৰ খেতি বা বেপাৰ কৰোঁতা
a cotton- dealer
- কপাটkapāṭaNoun
দুবাৰ; ঘৰৰ ভিতৰলৈ সোমোবা বাটৰ মুখত দিয়া বাঁহ, কাঠ, লো আদিৰ আঁৰ বা আবৰণ
a door
- কপাটঘ্নko.pa.togh.noCommon Noun
যি আন কাৰোবাৰ বস্তু গোপনে, বল প্ৰয়োগ নকৰাকৈ লৈ যায়
person who takes away other's belongings, esp. secretly or without open force
- কপালkapālaNoun
মূৰৰ সমুখৰ ফাল; চকু আৰু মূৰৰ চুলিৰ মাজৰ ভাগ
the forehead
- কপাল-জেঠীkapāla-jeṭhīNoun
তিৰোতাই মূৰত পিন্ধা এবিধ অলঙ্কাৰ; কপালি
a kind of ornament worn on the forehead by women
- কপাল-ফুটাkapāla-phuṭāNoun
লাচকচি শাকৰ নিচিনা এবিধ আপুনি হোবা বছৰেকীয়া ক্ষুদ্ৰ বন গছ [ইয়াৰ পাত আৰু গছত নোম থাকে; ইয়াৰ গুটি একোটা ঢোপৰ ভিতৰত লাগে; তাকে কপালত খুন্দা মাৰি ফুটুবাই ল'ৰাই ধেমালি কৰে।]
a kind of wild plant and its berry
- কপালমালিনীProper Noun
শিৱৰ ভাৰ্যা, দুৰ্গাৰ এক মূৰ্তি৷ এই মূৰ্তি ক’লা, চতুৰ্ভুজ উলংগ আৰু সদাশিৱৰ বুকুত থিয় হৈ থাকে৷ ৰক্তবীজ নামৰ অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই সেই ৰূপ ধাৰণ কৰাত তেওঁৰ খোজত পৃথিৱী বহি যোৱা দেখি মহাদেৱে তেওঁক বুকু পাতি ধৰে৷
Kali is a Hindu goddess associated with death and destruction. In Kali's most famous myth, Durga and her assistants, Matrikas, wound the demon Raktabija, in various ways and with a variety of weapons, in an attempt to destroy him. They soon find that they have worsened the situation, as for every drop of blood that is spilt from Raktabija the demon reproduces a clone of himself. The battlefield becomes increasingly filled with his duplicates.Durga, in dire need of help, summons Kali to combat the demons. It is also said that Goddess Durga takes the form of Goddess Kali at this time. Kali destroys Raktabija by sucking the blood from his body and putting the many Raktabija duplicates in her gaping mouth. Pleased with her victory, Kali then dances on the field of battle, stepping on the corpses of the slain. Her consort Shiva lies among the dead beneath her feet, a representation of Kali commonly seen in her iconography as Daksinakali'
- কপালমালীProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কপালিkapāliNoun
তিৰোতাৰ কপালত পিন্ধা এবিধ অলঙ্কাৰ
a kind of ornament worn on the forehead by women
- কপালিনীko.pa.li.niProper Noun
শিৱৰ ভাৰ্যা, দুৰ্গাৰ এক মূৰ্তি৷ এই মূৰ্তি ক’লা, চতুৰ্ভুজ উলংগ আৰু সদাশিৱৰ বুকুত থিয় হৈ থাকে৷ ৰক্তবীজ নামৰ অসুৰক বধ কৰিবৰ কাৰণে দুৰ্গাই সেই ৰূপ ধাৰণ কৰাত তেওঁৰ খোজত পৃথিৱী বহি যোৱা দেখি মহাদেৱে তেওঁক বুকু পাতি ধৰে৷
Kali is a Hindu goddess associated with death and destruction. In Kali's most famous myth, Durga and her assistants, Matrikas, wound the demon Raktabija, in various ways and with a variety of weapons, in an attempt to destroy him. They soon find that they have worsened the situation, as for every drop of blood that is spilt from Raktabija the demon reproduces a clone of himself. The battlefield becomes increasingly filled with his duplicates.Durga, in dire need of help, summons Kali to combat the demons. It is also said that Goddess Durga takes the form of Goddess Kali at this time. Kali destroys Raktabija by sucking the blood from his body and putting the many Raktabija duplicates in her gaping mouth. Pleased with her victory, Kali then dances on the field of battle, stepping on the corpses of the slain. Her consort Shiva lies among the dead beneath her feet, a representation of Kali commonly seen in her iconography as Daksinakali'
- কপালীko.pa.liProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- কপালৰ গাঁঠিkapālara, gām̐ṭhiNoun
দুৰ্দ্দশা; বিধতাই কপালত বান্ধি দিয়া দুখ
ill-luck