← ফুৰি যাওক

কপটি

kapaṭi

অৰ্থ

1.

গুদু-গুদু খেল; এবিধ ধেমালি [সাধাৰণতঃ ইয়াক মাঘৰু বুহুত নৰাণিত খেলে; এই খেলত মাজতে (পথাৰৰ আলি এটা) সীমা কৰি সমান সংখ্যাৰ খেলুবাই দুফালে দুদল হৈ খিয় হয়, তাৰ পাছত এদলৰ এটা মানুহে উশাহ নসলোবাকৈ "কপ্টী কপ্টি" বা "গুদুগুদু" শব্দ কৰি সিটো দলৰ সীমাৰ ভিতৰলৈ গৈ তাহাঁতৰ এটাক বা কেইবাটাকো একে উশাহে ছুই আহি নিজৰ সীমাৰ ভিতৰ সোমালেহি, ছুই খৈ অহা কেইটা "মৰিল" বুলি কয় আৰু তাহাঁতে খেলিব নোবাৰে; কিম্বা যিটোবে "কপ্টি" দিয়েগৈ তাক যদি ইদলৰ মানুহে সিহঁতৰ সীমাৰ ভিতৰত ধৰি ৰাথি তাৰ উশাহ এৰুবাব পাৰে তেন্তে সি "মৰিব"; উশাহ নেৰাকৈ যদি সি এৰাই আহিব পাৰে, তাক যি কেইটাই ছুইছিল সেইকেইটা মৰিব; এইদৰে অগিয়া- বগিয়াকৈ খেলি যিটো দলৰ খেলুবাই আগেয়ে "মৰি" অন্ত হয়, সেই দল হাৰে, ইদল জিকে।]

a kind of manly outdoor sport

বি.

2.

ৰোগৰ আনুষঙ্গিক লেঠা; যেনে-"জ্বৰে এৰিলেও কপটিয়ে নেৰে।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ