কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুটুম্বীAdjective
পৰিয়াল থকা; সম্পৰ্কীয়া
having relation or living in a family
- কুটুলাkuṭulāAdjective
চুটি-চাপৰ; বাঢ়িব নোবৰা; জুটুলা
short; stunted in growth
- কুট্কুটীয়াkuṭkuṭīẏāAdjective
খং তোলা কথা কৈ দন্দৰ ছল বিচাৰি ফুৰা; দন্দুৰা
quarrelsome
- কুট্টিতVerbal Adj.
যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে
which has been made into pieces by any sharp weapon
- কুঠীয়াkuṭhīẏāAdjective
কুঠ বা বৰ ৰোগে খোবা বা ধৰা
leprous
- কুণ্ঠিতkuṇṭhitaAdjective
ইচ্ছা নথকা
unwilling
- কুণ্ডলিতkun.do.litProper Adj.
এক সমতলত চুঙা বা শঙ্কুৰ চাৰিওফালে পকোৱাৰ দৰে পকোৱা।
Coiled in a plane or as round a cylinder or cone; following a curved line that passes repeatedly round a central point while moving away from it.
- কুতূহলীAdjective; Adverb
কুতূহলে।
- কুতৰ্কীkutarkīNoun
আচল সত্য ঢাকি মিছা যুক্তি দেখুওবা মানুহ
a sophister; fallacious or improper reasoner
- কুদ্দুচkud.dusProper Adj.
ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।
entitled to veneration or religious respect by association with divinity or divine things.
- কুদৰ্শনku.dor.sonProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- কুধঞ্চkudhañcaAdjective
কুন্ধচ্; যেনে-"যত দুষ্ট দন্তঃ পৰম পাষণ্ড; লোকক কৰে কুধঞ্চ" (ভাগবত দ্বাদশ)।
- কুন্দত কটাkun.dot ko.taProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- কুন্দত কুন্দলাAdjective
সুগঠিত; মনোহৰ; . যেনে -"হৰৰ ডম্বৰু যেন ক্ষীণ মধ্যদেশ। কুন্দত কুন্দলা যেন মুঠিতে লুকায়" (মা., আদিকাণ্ড)।
chiselled
- কুন্দোবাkundobāAdjective
(মূৰ) সমান বা ঘূৰণীয়াকৈ কটা
rounded and smoothed (said of the end of stick, etc.)
- কুন্ধচkundhacaAdjective
আগঢ়ী; কুশ্ৰী
ugly
- কুপিতAdjective
খঙাল; ক্ৰোধী; ৰাগান্বিত
angered; offended
- কুবিকটku.bi.kotProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- কুবুধীয়াkubudhīẏāAdjective
দুষ্ট বুদ্ধিৰ।
- কুব্জkubjaAdjective
কুঁজা; . বেঁকা
hump-backed ; crooked