কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আৰাধকa.ra.dhokVerbal Adj.
যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷
one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.).
- আৰাধনa.ra.dhonVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- আৰাধনাa.ra.dho.naVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- আৰাধনা কৰ্a.ra.dho.na korVerb-Trans.
ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা
To utter or address a prayer or prayers to God, a god, or another object of worship
- আৰাধ্ārādhTransitive verb
উপাসনা কৰ্; ভজ্; পূজা কৰ্; আৰাধনা কৰ্; চিন্ৎ; প্ৰাৰ্থনা কৰ্
to worship; to adore; to pray
- আৰাম কৰ্a.ram korVerb-Intran.
নিজকে সুখ আৰু আৰামদায়ক অৱস্থিতিত ৰাখ্।
to move or arrange oneself in a comfortable and cozy position.
- আৰামদায়কa.ram.da.yokVerbal Adj.
শাৰীৰিক সুখ আৰু আৰাম ওপজোৱা; যেনেঃ আৰামদায়ক বিচনা, আৰামী চকী
producing or affording physical comfort, support, or ease: a comfortable chair; comfortable shoes
- আৰুবাৰārubāraAdverb
আকৌ; আৰু এবাৰ; পুনৰ; দুনাই
once more; again
- আৰোগ্য কৰ্a.ro`.gyo korVerb-Trans.
ৰোগ বা শাৰীৰিক অসুস্থতাৰ নিবাৰণ কৰ্
to recover from a desease or illness
- আৰোগ্য হa.ro`.gyo hoVerb-Intran.
কোনো বেমাৰ বা আঘাতৰ পৰা ভাল পোৱা
to get cured from a illness or injury
- আৰোপāropaTransitive verb
অৰ্পণ কৰ্; স্হাপন কৰ্; লগাই দি; যেনে-"সি মোৰ গাত দোষ আৰোপিছে"
to impute; to attribute
- আৰোপ কৰ্a.ro`p korVerb-Trans.
বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
to hand over something in good faith or confidence.
- আৰোপিতa.ro`.pi.toVerbal Adj.
কোনো বিষয়ৰ উৎস বা কাৰণ ৰূপে বিভূষিত কৰা
attributed to a cause or source
- আৰোহণ কৰ্a.ro’.hon korVerb-Intran.
কিহবাৰ ওপৰত বা ওপৰলৈ উঠি যা
To go up or onto the top of something
- আৰ্জarjVerb-Trans.
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
to receive or come to have possession, use, or enjoyment of
- আৰ্জন কৰ্ar.jon korVerb-Trans.
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
to obtain money by means of one's livelihood
- আৰ্জী কৰ্ar.ji korVerb-Trans.
কিবা দিয়া বা কৰাৰ কাৰণে ক, বিশেষকৈ সহায় বা সৌজন্যতাৰ খাতিৰত
to ask for something to be given or done, esp. as a favor or courtesy; solicitation or petition
- আৰ্জ্ārjTransitive verb
অৰ্জ্জন কৰ্; ঘট্; উৎপন্ন কৰ্; উপাৰ্জ্জন কৰ্
to earn; to gain; to grow
- আৰ্জ্জিārjjiTransitive verb
অৰ্জ্জন কৰ্; ঘট্; উৎপন্ন কৰ্; উপাৰ্জ্জন কৰ্
to earn; to gain; to grow
- আৰ্থিকভাৱেar.thik.bha.beAdverb
এজন ব্যক্তিৰ নিজা আৰ্থিক সমলৰ সংক্ৰান্তত
as regards one's personal resources of money