কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাৰুৱা কপৌha.ru.wa ka.pouCommon Noun
ডিঙিত কলা ৰিং থকা এবিধ কপৌ চৰাই ৷
a kind of dove having black circular ring mark on the neck.
- হাৰ্ডবোৰ্ডhard.bo`rdMaterial Noun
কাঠৰ গুড়ি চেপি প্ৰস্তুত কৰা চেপেটা তক্তা ৷
A type of stiff board made by crushing very small pieces of wood together into thin sheets.
- হাৰ্ডৱেৰhard.werCommon Noun
ধাতু নিৰ্মিত সৰুসুৰা বস্তু, জটিল যন্ত্ৰৰ মুল উপাদান যন্ত্ৰাংশসমূহ, কাৰিকৰী সামগ্ৰী, যান্ত্ৰিক সামগ্ৰী (বিশেষকৈ কম্পিউটাৰৰ)
Computers. the mechanical, magnetic, electronic, and electrical devices comprising a computer system, as the CPU, disk drives, keyboard, or screen. Instrumentalities (tools or implements)made of metal. Machines and other physical equipment directly involved in performing an industrial, technological, or military function.
- হাৰ্দিকতাhar.di.ko.taAbstract Noun
আপোন ভাৱ থকা এক অতি মধুৰ সম্পৰ্ক
Known closely or close personal and warm relation
- হাৰ্পharpCommon Noun
A large upright musical instrument with strings running from top to bottom of an open three-conered frame, played by stroking or plucking the strings with the hand.
- হাৰ্মোনিয়ামhārmoniẏāmaNoun
বায়ু বলাই বজোবা বাদ্যযন্ত্ৰ-বিশেষ
harmonium
- হাৱাha.waMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- হাৱা-পানীha.wa-pa.niAbstract Noun
উষ্ণতা, বৰষুণৰ পৰিমাণ আৰু বতাহ আদিকে ধৰি এটা অঞ্চলত বিৰাজ কৰা বা বৰ্ত্তি থকা বতৰৰ সামগ্ৰিক অৱস্থা
The meteorological conditions, including temperature, precipitation, and wind, that characteristically prevail in a particular region.
- হাৱাই চেণ্ডেলha.wai sen.delMaterial Noun
সাধাৰণতে ঘৰৰ ভিতৰত পিন্ধা, সহজতে ভৰিত সোমোৱা পাদুকা।
A loose shoe easily slipped on; A kind of shoe worn indoors.
- হাৱাইন-গীটাৰMaterial Noun
তীখাৰৰ তাঁৰেৰে নিৰ্মিত এবিধ গীটাৰ, যাক বজাওঁতাই কোলাত মাটিৰ সমান্তৰালকৈ বহুৱাই লৈ এডাল তীখাৰ দণ্ডৰ সহায়ত বজায়৷
a type of steel guitar without pedals which is typically played with the instrument in a horizontal position on the performer`s lap or otherwise supported
- হাৱাজানha.wa.janProper Noun
এখন জান বা জুৰি৷ অৰুণাচলৰ পৰা আহি খাৰাই উপনদীত পৰিছে৷ লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাগ কৰিছে।
A riverlet coming from Arunachal ends at Kharoi tributary of Brahmaputra. It divides Lakhimpur and Sonitpur district of Assam.
- হাৱৈha.woiMaterial Noun
খাৰ-বাৰুদ ভৰোৱা এক ধৰণৰ আতচ-বাজী, যাক দহন কৰিলে উৎপন্ন হোৱা বাষ্পই তাক ওপৰলৈ উৰাই লৈ যায়।
any of various simple or complex tubelike devices containing combustibles that on being ignited liberate gases whose action propels the tube through the air.
- হাৱৰha.worVerbal Noun
পানীৰ তীব্ৰ গতি বা প্ৰবল সোঁত
a rapid stream of water
- হিঁ হি হিঁhim̐, hi, him̐Noun
ঘোঁৰাই মতা মাত; হেঁহনি
neighing of a horse
- হিঁকটিhi~.ko.tiAbstract Noun
শ্বাস নলীৰ মুখ বন্ধ হোৱাৰ ফলত মধ্যচ্ছদাৰ পৰা মুখেদি ওলোৱা শব্দ |
The state of having reflex spasms of the diaphragm accompanied by a rapid closure of the glottis producing an audible sound; sometimes a symptom of indigestion. Used usually as in plural form.
- হিংhimNoun
এবিধ চোকা গোন্ধ থকা গছৰ আঠা; (ইয়াক ঔষধত আৰু আঞ্জাত মচলা-ৰূপেও ব্যবহাৰ কৰা যায়।)
assafoetida
- হিং-হিং-কিট্কিট্him-him-kiṭkiṭNoun
কেটেৰা-জেঙেৰা; খঙেৰে কোবা কথা
angry speech; scolding
- হিংগুলেশ্বৰhing.gu.les.worProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- হিংলিছhing.lisProper Noun
হিন্দী আৰু ইংৰাজী সানমিহলিকৈ কোৱা এক খিচিৰি ভাষা৷
A deformed language of Hindi and English use by youghsters of india in conversation
- হিংসনNoun
হিংসা কৰা বা শত্ৰুতা কৰা কাৰ্য্য
the act of injuring