কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সশস্ত্ৰsaśastraAdjective
অস্ত্ৰধাৰী
armed
- সশ্ৰদ্ধxo.srod.dhoProper Adj.
কাৰোবাক শ্ৰদ্ধা প্ৰদৰ্শন কৰা
showing respect to somebody.
- সশ্ৰমxo.sromProper Adj.
অতি কঠিন আৰু কঠোৰ, সাধাৰণতে শাস্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়; যেনেঃ সশ্ৰম কাৰাদণ্ড
very strict or harsh, generally used for punishment; e.g., rigorous imprisonment
- সষ্টমxos.tomProper Adj.
কোনো কাম কৰাৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি আৰু সামগ্ৰী উপলব্ধ কৰা অৱস্থা
in the state of making all tools and materials available to carry out certain task
- সষ্টম সাষ্টমsaṣṭama, sāṣṭamaAdjective
সাজু; কোনো কামলৈ প্ৰস্ত্তত; কোনো কাম কৰিবলৈ যুগুত
ready or prepared for any work
- সসত্ত্বাxo.xot.taProper Adj.
গৰ্ভত সন্তান ধাৰণ কৰি থকা প্ৰাণী
in a state of bearing offspring in the womb
- সসাগৰাsasāgarāAdjective
সাগৰে সৈতে
including or with the ocean
- সসাঙ্গsasāṅgaAdjective
সম্পূৰ্ণ; পৰিপূৰ্ণ; সিদ্ধ
complete; accomplished
- সসীমxo.ximProper Adj.
কোনো সীমাৰে বন্ধা
bound by some limits
- সস্তাsastāAdjective
সাইজ; কম দামৰ; সুলভ; . বিণ. সস্তীয়া।
cheap
- সস্তাদৰxos.ta.dorProper Adj.
কম খৰচৰ, আপেক্ষিক ভাৱে কম দামী
costing very little; relatively low in price
- সস্তীয়াxos.ti.yaProper Adj.
কম খৰচৰ, আপেক্ষিক ভাৱে কম দামী
costing very little; relatively low in price
- সস্ত্ৰীকsastrīkaAdjective
পত্নীৰে সৈতে; ভাৰ্য্যাৰে সৈতে
with wife
- সস্নেহsasnehaAdjective
স্নেহ-যুক্ত।
- সহকাৰীsahakārīAdjective
এজন প্ৰধান কাৰ্য্যকাৰকৰ লগত পালি বা দুবলীয়াভাবে কাৰ্য্য কৰা; সহায়কাৰী; ; স্ত্ৰী, সহকাৰিণী।
assistant; subordinate
- সহগামীsahagāmīAdjective
কাৰো লগত বা সঙ্গত যোবা; . বি. সহগমন।
accompanying
- সহজsahajaNoun
স্বাভাবিক গুণ; স্বভাব
nature; character
- সহজ-সৰলxo.hoj-xo.rolProper Adj.
যি আনক সহজে বিশ্বাস কৰে, যাক সহজে বিচলিত কৰিব পাৰি৷
Too ready to believe others, One who can be tricked easily.
- সহজবোধ্যxo.hoj.bo’.dhyoAdjective Adj.
সহজে, অসুবিধা নোহোৱাকৈ বুজি পাব পৰা, অজটিল৷
something that is easy to understand; that can be easily understood.
- সহজলভ্যxo.hoj.lo.bhyoProper Adj.
সহজে পাব বা সংগ্ৰহ কৰিব পৰা
suitable or ready for use; of use or service,readily obtainable; accessible