কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাহ্bhāhIntransitive verb
উট্
to float
- ভাড়াbhāṛāNoun
কঁৰীয়া বা বাঁহৰ তেনে ধৰণৰ পাত্ৰ
a milk pail
- ভাড়াতীয়াbha.ra.ti.yaCommon Noun
Person who occupies a premise by paying rent to its owners
- ভায়াbhāẏāNoun
সমনীয়া বুলি মানুহক মতা মাত
a term used to address one who is familar like a brother
- ভায়েকbha.yekCommon Noun
নিজতকৈ বয়সত সৰু ভাতৃ৷ কেতিয়াবা নিজৰ সহোদৰ নহলেও এনেদৰে সম্বোধন কৰা হয়৷
A brother (may or may not be of same parents) who is younger than yourself.
- ভাৰbhāraTransitive verb
ঠগ্; ছল কৰ্
to deceive
- ভাৰ-পাচিbhāra-pāciNoun
কানত ভাৰ কৰি বস্ত্ত-বেহানি নিয়া এবিধ পাচি
a kind of basket with a cover
- ভাৰ-ভেঁটীbhar-bhe~.tiAbstract Noun
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
Money or gift given or taken in return of undue favour
- ভাৰকেন্দ্ৰbhārakendraNoun
প্ৰত্যেক বস্ত্তৰ ভিতৰত থকা এনে ডোখৰ ঠাই য'ত দাঙি ধৰিলে বস্ত্তটো পৰিব নোবাৰে
centre of gravity
- ভাৰতbhārataNoun
শকুন্তলাৰ পুত্ৰ ভৰতে শাসন কৰা দেশৰ নাম
India
- ভাৰত উপমহাদেশbha.rot u.po.mo.ha.dexProper Noun
ভাৰতকে ধৰি দক্ষিণ এচিয়াৰ বৃহৎ অঞ্চল এটা৷
The Indian subcontinent or the subcontinent is the English term that denotes the southern region of Asia, mostly situated on the Indian Plate and projecting southwards into the Indian Ocean.
- ভাৰত নাট্যমbha.rot na.tyomProper Noun
ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এক মূল বিভাগ৷ ভাৰত নাট্যম(ভা= ভাৱ, ৰ=ৰাগ আৰু ত=তাল) নৃত্য আৰু নাটকৰ অপূৰ্ব সংমিশ্ৰন৷
a classical dance form of India originated in Tamilnadu. It is the combination of BHA-Bhava(expression), Bh-Bhav RA-Raga and TA-Tal (rhythm).
- ভাৰত মহাসাগৰbha.rot mo.ha.xa.gorProper Noun
বিশ্বৰ তৃতীয় বৃহত্তম জলভাগ ৷ ইয়াক পূৱ দিশত ইন্দুনেচিয়া আৰু অষ্ট্ৰেলিয়া; পশ্চিম দিশত আফ্ৰকা মহাদেশ; উত্তৰত ভাৰতৱৰ্ষ আৰু দক্ষিণত দক্ষিণ মাহাসাগৰ আৰু এন্টাৰ্কটিকাই ঘেৰি আছে ৷
The world's third largest oceanic divisions. It is bounded on the north by the Indian subcontinent; on the west by East Africa; on the east by Indochina, the Sunda Islands, and Australia; and on the south by the Southern Ocean.
- ভাৰত-যুদ্ধbhārata-yuddhaNoun
ভৰত ৰজাৰ বংশ কুৰু-পাণ্ডবৰ যুদ্ধ।
- ভাৰত-সন্তানbhārata-santānaNoun
ভাৰতবৰ্ষৰ ওপজা লোক
an Indian
- ভাৰতবৰ্ষbhāratabarṣaNoun
শকুন্তলাৰ পুত্ৰ ভৰতে শাসন কৰা দেশৰ নাম
India
- ভাৰতীbhāratīNoun
সৰস্বতী
the goddess of learning
- ভাৰতীয় জনতা পাৰ্টিProper Noun
১৯৮০ চনত প্ৰতিষ্ঠিত ভাৰতৰ এক ৰাজনৈতিক দল।
An Indian national political party that was formed in 1980.
- ভাৰতীয় তেল নিগমbha.ro.ti.yo tel ni.gomProper Noun
খাৰুৱা তেল আহৰণ আৰু বিপণনৰ দায়িত্বত থকা এটা চৰকাৰী খণ্ডৰ নৱৰত্ন কোম্পানী৷ তেওঁলোকৰ অধিকাংশ তৈলক্ষেত্ৰ উজনি অসমত৷
a government sector Navaratna company dedicated to exploring and marketing petroleum products with major operations in upper Assam.
- ভাৰতীয় ভাষা সংস্থানbha.ro.ti.yo bha.xa xongs.thanProper Noun
an institute of higher education in Mysore set up by the Ministry of Human Resoucrse Development, Govt of India `to co-ordinate the development of Indian Languages, to bring about the essential unity of Indian languages through scientific studies, Promote inter-disciplinary research, contribute to mutual enrichment of languages, and thus contribute towards emotional integration of people of India.` For details, please visit www.ciil.org