কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জ্ৱালাময়ীProper Adj.
অগ্নিৰ দৰে বা অগ্নিৰ সৈতে সম্পৰ্ক থকা
Like or related to fire
- জড়jaṛaAdjective
সাৰ নথকা; অচেতন
devoid of sensibility
- জড়পুৰjaṛapuraAdjective
মেৰাই মেৰাই টানকৈ বন্ধা; যেনে-"বান্ধি জড়পুৰ কৰি দেখাবে যমক" (দশম)
fastened tightly
- জড়বুদ্ধিProper Adj.
মানসিক দুৰ্বলতা থকা আৰু টান কাম কৰিব নোৱাৰা৷
showing mental feebleness or incapacity.
- জড়িতjaṛitaAdjective
লগ লগা; যুক্ত হোবা; যেনে-"তড়িত- জড়িত জলদ-প্ৰায়"
united
- জড়ীকৱতjaṛīkawataAdjective
অচেতন; যেনে - "জড়ীকৱত ভৈল চিত্ত" (ৰত্নাবলী)।
- জয়-ধ্বনিjaẏa-dhbaniNoun
জিকি বা জয় লাভ কৰি আনন্দ কৰা শব্দ
a shout of victory
- জয়জনমীjaẏajanamīAdjective
আপোন; যেনে-জয়জনমী আই।
- জয়ন্তীয়াAdjective
জয়ন্তা পৰ্ব্বতত থকা বা উৎপন্ন হোবা
produced or born in the Jaintia hills
- জয়মুনিjaẏamuniAdjective
বৰ ডাঙৰ; ভয়ঙ্কৰ; বলবান
mighty; fearful; very great
- জয়যুক্তjaẏayuktaAdjective
জয়লাভ কৰা; জয়ী হোবা; কৱতকাৰ্য্য
victorious; successful
- জয়শীলjaẏaśīlaAdjective
সদায় জয়লাভ কৰা; সদায় জিকা
ever vvictorious
- জয়ালjaẏālaAdjective
ভূতৰ প্ৰাধান্য থকা; ভূত থকা; ভয় লগা (ঠাই)
haunted
- জয়াৰjaẏāraAdjective
ভূতৰ প্ৰাধান্য থকা; ভূত থকা; ভয় লগা (ঠাই)
haunted
- জয়ীjaẏīAdjective
জয় লাভ কৰা; জয়-যুক্ত; জিকা
victorious
- জৰজৰিতjarajaritaAdjective
বেদনাৰ গতিকে কাতৰ বা পীড়িত
pained; hurt
- জৰঠProper Adj.
বহুত বয়স হোৱা
having many years of age
- জৰথীয়াjarathīẏāAdjective
জৰধীয়া; জৰথৰ বৰণৰ; যেনে-"জৰথীয়া পাগ"
pertaining to jarath; dyed with it
- জৰধীয়াjaradhīẏāAdjective
জৰথৰ বৰণৰ; জৰথীয়া
dyed with jarath
- জৰা-জৰিjarā-jariAdjective
এটাৰ লগত আন এটা মেৰ খোবা বা পাক লগা
entangled with one another