কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অদক্ষo.do.khyoProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- অদণ্ড্যadaṇḍyaAdjective
শান্তিৰ অযোগ্য; অদণ্ডনীয়; দণ্ড পাব নলগা
unpunishable
- অদত্তadattaAdjective
নিদিয়া; প্ৰকৱতৰূপে দান নকৰা; . [স্মৱতিৰ মতে নাবালক, আতুৰ, পগলা, সন্তান, মদপী, চাকৰ ইত্যাদিয়ে দিয়া বস্ত্ত বা ভয়ত বা অজ্ঞানত, উত্কোচ- স্বৰূপে, ধেমালিত আৰু শত্ৰুক মাৰিবলৈ দিয়া বস্ত্ত আচলতে অদত্ত বস্ত্ত।] স্ত্ৰী. অদত্তা।
not formally given; not properly bestowed
- অদমনীয়adamanīẏaAdjective
যাক দমাব বা বশ কৰিব নোবাৰি
unmanageable; indomitable
- অদম্যadamyaAdjective
যাক দমাব বা বশ কৰিব নোবাৰি
unmanageable; indomitable
- অদল-বদলadala-badalaNoun
সাল-সলনিকৰণ; এটা বস্ত্ত দি আন এটা বস্ত্ত লোবা কাৰ্য্য
exchange
- অদহনীয়o.do.ho.ni.yoProper Adj.
যাক জ্বলাব নোৱৰি।
incapable of being burned
- অদাহ্যadāhyaAdjective
যাকে পুৰি পেলোবা অনুচিত
not fit to be burnt up
- অদাৰo.darProper Adj.
যাৰ বিয়া হোৱা নাই বা যি বিবাহ পাশত আৱদ্ধ হোৱা নাই।
a person who is not married
- অদিশo.dixProper Adj.
যি ৰাশিৰ কেবল মান থাকে, কিন্তু কোনো দিশ নাথাকে৷
A quantity, such as mass, length, or speed, that is completely specified by its magnitude and has no direction
- অদীক্ষিতadīkṣitaAdjective
দীক্ষা বা মন্ত্ৰ গ্ৰহণ নকৰা; অশৰণীয়া
uninitiated
- অদীক্ষিতাo.di.khyi.taVerbal Adj.
দীক্ষা বা মন্ত্ৰ দান নকৰা বা কোনো ধৰ্ম বা পন্থাত অন্তৰ্ভুক্ত নকৰা।
not admitted into an organizaton or group, secret knowledge, etc.
- অদীনo.dinProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- অদীপ্তo.dip.toProper Adj.
পোহৰ বিকিৰিত বা প্ৰতিফলিত নকৰা
not radiating or reflecting light
- অদূৰadūraAdjective
দুৰৈ নোহোবা; ওচৰ; নিকট; সমীপ
closely near
- অদূৰদৰ্শীAdjective
দকৈ ভাবি নেদেখা; পাচত কি হ'ব তাক ভাবি-চিন্তি চাব নোবৰা
short-sighted; imprudent
- অদৃশ্যo.dri.syoProper Adj.
(কোনো বস্তু)চকুৰে দেখা নোপোৱা অৱস্থা হোৱা
Not visible to the eyes
- অদৃষ্টo.dris.toAbstract Noun
মানুহৰ জীৱনত ভাল-বেয়া নিৰূপণ কৰা এক বল বা শক্তি
the force that seems to operate for good or ill in life of a person
- অদৃষ্ট-পূৰ্বo.dris.to-pur.boProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- অদৃঢ়o.dri.hoProper Adj.
টানকৈ ধৰি বা বান্ধি নোথোৱা
Not tightly held or fixed, etc.