কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ম্লান হmlan hoVerb-Intran.
ৰসহীন হৈ হালি পৰা বা শুকাই যোৱা৷
(of a plant) to become weak and begin to bend towards the ground, or (of a person) to become weaker, tired or less confident.
- ম্ৰিয়মানmri.yo.manVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৎসাশীmot.sa.xiVerbal Adj.
যি মাছ খায়, তেনে
one who eats fish
- মৰকুঁচীয়াVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- মৰগ-উঠাmo.rog-u.thaVerbal Adj.
শৰত্ কালৰ একোটা সময়ত বৰ্দ্ধিত যৌনলিপ্সাৰ বাবে উন্মাদনা দেখুওৱা (মতা হাতী)।
(male elephant) with increased sexual activity occurring in a period during the autumn (fall).
- মৰগ-চৰাmo.rog-so.raVerbal Adj.
শৰত্ কালৰ একোটা সময়ত বৰ্দ্ধিত যৌনলিপ্সাৰ বাবে উন্মাদনা দেখুওৱা (মতা হাতী)।
(male elephant) with increased sexual activity occurring in a period during the autumn (fall).
- মৰণত শৰণ লৈAdverb
প্ৰাণপণে; প্ৰাণ টাঁকি।
- মৰণা মৰাmo.ro.na mo.raVerbal Noun
গৰুৰে গচকাই, কিহবাৰে কোবাই অথবা মৰণা মৰা যন্ত্ৰৰ সহায়ত উদ্ভিদৰ পৰা শস্য আঁতৰ কৰা বা এৰুওৱা প্ৰক্ৰিয়া।
the act or process of separating the grain or seeds from (a cereal plant or the like) by some mechanical means, as by beating with a flail or by the action of a threshing machine.
- মৰণাপন্নmo.ro.na.pon.noVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৰণোত্তৰ পৰীক্ষাmo.ro.no`t.tor po.ri.khyaVerbal Noun
মৃত্যৰ পাছত কৰা শৰীৰৰ পৰীক্ষা।
examination of the body after death.
- মৰণোন্মুখmo.ro.no`n.mukhVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৰম কৰ্mo.rom korVerb-Trans.
(কোনো ব্যক্তিৰ প্ৰতি) এক অতি গভীৰ, কোমল, অপ্ৰকাশ্য ধৰণৰ চেনেহ আৰু আকৰ্ষণ অনুভৱ কৰা
To have a deep, tender, ineffable feeling of affection and solicitude toward (a person)
- মৰম-লগাmo.rom-lo.gaProper Adj.
অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক|
very pleasant, attractive or delightful.
- মৰমেৰে কmo.ro.me.re koVerb-Trans.
ভালপোৱা কাৰোবাক বৰ কোমলকৈ মৰমেৰে কিবা কোৱা।
to say something in a soft voice to somebody one loves
- মৰষ্maraṣTransitive verb
মাৰ্জ্জনা কৰ্
to forgive
- মৰসাহ কৰ্mor xah korVerb-Trans.
কোনো বিপদজনক কাম কৰিবলৈ সাহ কৰা ৷
to have courage to do a dangerous task
- মৰহি যাmo.ro.hi jaVerb-Intran.
ৰসহীন হৈ হালি পৰা বা শুকাই যোৱা৷
(of a plant) to become weak and begin to bend towards the ground, or (of a person) to become weaker, tired or less confident.
- মৰহ্marahIntransitive verb
বৰকৈ পকি বেয়া হ
to be so ripe as to be of bad taste or begin to rot
- মৰাmarāAdjective
মৱত্যু হোবা; জীব নথকা
deceased; dead
- মৰা মুজাVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.