কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেতিয়াবাAdverb
কোনো এক কালত বা সময়ত; কদাচিত; কাহানিবা
at certain time; sometimes; occasionally
- কেতিয়াবা কেতিয়াৰাAdverb
মাজে মাজে; মাজে-সময়ে; কোনো কোনো সময়ত
now and then; sometimes
- কেতিয়াবা-কেতিয়াবাke.ti.ya.ba-ke.ti.ya.baAdverb
হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |
Now and then or here and there.
- কেতিয়াবাইke.ti.ya.baiAdverb
বহু দিনৰ আগৰ
refers to a period of time far in the past.
- কেতিয়াৰাইAdverb
কাহানিবাই
long ago
- কেনিkeniAdverb
কোনপোনে; কোনফালে; কোন দিশে
which way
- কেনিওAdverb
কোনো পোনেও; কোনো ফালেও; এফালেও (এটা না-পদ পাছত থাকে); যেনে-"কেনিও যাবলৈ ৰাট নাই"
in no way whatever (followed by a negative)
- কেনিবাAdverb
অনিশ্চিত কোনো এপোনে, এফালে বা একদিশে
in some uncertain way or direction
- কেনেkeneAdjective
কেনেকুবা; কি ৰকমৰ বা প্ৰকাৰৰ; কোন বিধৰ
of what sort
- কেনেকুবাkenekubāAdjective
কি প্ৰকাৰৰ
of what sort
- কেনেকৈkenekaiAdverb
কি উপায়েৰে; কিপ্ৰকাৰে; কিদৰে; কিভাবে
how; by what means
- কেনেবাkenebāAdjective
কিবা এক ৰকমৰ; যেনে হ'ব লাগে তেনে নোহোবা; বাল নোহোবা; সেই বিধৰ আন বস্ত্ততকৈ বেলেগ (সদায় বেয়া হোবাত বুজায়)
of a peculiar nature; unusual
- কেনেবাকৈAdverb
কোনো এক অনিশ্চিত ৰূপে; কিবা প্ৰকাৰে
somehow; in a peculiar or unusual state
- কেন্দ্ৰপসাৰীken.dro.po.xa.riVerbal Adj.
কেন্দ্ৰৰ পৰা পৰিধিৰ অভিমুখে আঁতৰি যাব খোজা
moving or directed outward from the center
- কেন্দ্ৰহীনVerbal Adj.
কেন্দ্ৰ নথকা
having no nucleus
- কেন্দ্ৰাপসাৰণken.dra.po.xa.ronVerbal Noun
যন্ত্ৰৰ সহায়ত চক্ৰাকাৰে ঘূৰাই এক মিশ্ৰণত থকা বেলেগ-বেলেগ ঘনত্ব-বিশিষ্ট পদাৰ্থসমূহক পৃথক পৃথক কৰা প্ৰক্ৰিয়া
the process of separating substances of different densities by the use of a centrifuge
- কেন্দ্ৰীভূতken.dri.bhu.toVerbal Adj.
কোনো এক কেন্দ্ৰ বা মধ্যবিন্দুত গোট খোৱা
something that comes together at a centre
- কেন্দ্ৰীভূত কৰ্ken.dri.bhu.to korVerb-Trans.
পানীৰ পৰিমাণ হ্ৰাস কৰি বেছি ঘন কৰা
to make less water and more viscous
- কেপ কৰ্kep korVerb-Trans.
জীবিকা আৰু ঘৰ-বাৰী নথকা মানুহে আনৰ ঘৰত চাপি থকা
The act of taking asylum to other’s home by a homeless person
- কেপকেপাkep.ke.paVerb-Intran.
নিৰৱচ্ছিন্ন ভাৱে অৰ্থহীন কথা ক
to speak non-stop without logic and consistency.