কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অবিৰোধেo.bi.ro`.dheAdverb
আনৰ প্ৰভাৱ বা নিয়ন্ত্ৰণ নোহোৱাকৈ
without being influenced or controlled by others
- অবৈধভাৱেo.boi.dho.bha.beAdverb
unlawfully, do something by breaking some law or rule
- অব্যাহত ৰাখ্o.bhya.hot rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- অব্যাহতেAdverb
অবিৰোধে; অকুণ্ঠিতভাবে; বিঘিনি বা বাধা নোহোবাকৈ
without opposition or obstruction; freely
- অবৰ্তমানতo.bor.to.ma.notAdverb
উপস্থিত নথকাত ৷
While or although not present; in absence.
- অবৰ্তমানেabartamāneAdverb
বৰ্ত্তমান নথকাত; নথকা কালত বা অবস্হাত; অবিহনে; অবিদ্যমানে
in the absence of
- অবৰ্ত্তমানেabarttamāneAdverb
বৰ্ত্তমান নথকাত; নথকা কালত বা অবস্হাত; অবিহনে; অবিদ্যমানে
in the absence of
- অভাজ্যo.bha.jyoVerbal Adj.
বাকী নথকাকৈ সম্পূৰ্ণকৈ ভাগ বা হৰণ কৰিব নোৱাৰা৷
not capable of being evenly divided, without remainder.
- অভাবেAdverb
নহ'লে; নথকাত; নেথাকিলে; অবিহনে
in the absence
- অভাৱ হo.bhab hoVerb-Intran.
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
to become less in numbers or quantity than what is needed or required
- অভিগমন কৰ্o.bhi.go.mon korVerb-Intran.
অবৈধ সহবাস কৰ্
to have unauthorized cohabitation
- অভিধৰ্ষণo.bhi.dhor.xonVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- অভিনন্দন জনাo.bhi.non.don jo.naVerb-Trans.
সফলতা অৰ্জনৰ বাবে কাৰোবাক প্ৰশংসা কৰ্
to praise someone for getting success
- অভিনন্দিতo.bhi.non.di.toVerbal Adj.
সফলতাৰ বাবে যাক উদ্দেশ্যি আনন্দ প্ৰকাশ কৰা হৈছে
one to whom expressed one's happiness on success
- অভিনিৱিষ্টo.bhi.ni.bis.toProper Adj.
বৰ ব্যগ্ৰতা/আগ্ৰহযুক্ত ।
Concerned with work or important matters rather than play or trivialities.
- অভিনিৱেশo.bhi.ni.bexAbstract Noun
মাজত সুমুৱাই দিয়া কাৰ্য
the action of putting sb/sth inside or in the middle of sth.
- অভিনীতo.bhi.ni.toVerbal Adj.
যিটো অভিনয় কৰি প্ৰদৰ্শন কৰা হৈছে
one that has been enacted or presented by acting
- অভিনয় কৰ্o.bhi.noy korVerb-Intran.
চলচিত্ৰ বা নাটকৰ কোনো চৰিত্ৰ ৰূপায়ণ কৰা
to act in movie/theater
- অভিপালিতVerbal Adj.
যাক ভালকৈ প্ৰতিপালন কৰা হৈছে
well-cared, kept under good care
- অভিবন্দনo.bhi.bon.donVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.