কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাষান্তৰিকbha.xan.to.rikCommon Noun
দুজন ভিন্ন ভাষা-ভাষীৰ মাজত হোৱা কথা-বতৰা মৌখিকভাৱে ভাঙনি কৰি পৰস্পৰক বুজাই দিয়া মানুহ
A person who provides an oral translation between speakers who speak different languages.
- ভাষাপ্ৰেমAbstract Noun
ভাষাৰ প্ৰতি থকা প্ৰেম
the love of language
- ভাষাবিজ্ঞানbha.xa.big.gyanAbstract Noun
ভাষাৰ বৈজ্ঞানিক অধ্যয়ন৷
The scientific study of languages
- ভাষাবিদbha.xa.bidCommon Noun
ভাষাতত্ত্ব অধ্যয়ণ কৰা বা ভাষাতত্ত্বত পাৰদৰ্শী ব্যক্তি
one who studies linguistics, an expert in linguistics
- ভাষাভাষীCommon Noun
কোনো এক নিৰ্দিষ্ট ভাষা কোৱা লোকসকল
speakers of a given language
- ভাষাৰ অধিকাৰba.xar o.dhi.karAbstract Noun
কোনো ব্যক্তি বা গোটক ঘৰুৱা বা ৰাজহুৱা ক্ষেত্ৰত তেওঁলোকৰ নিজ ভাষা ব্যৱহাৰ কৰা, শিকা, সেই ভাষাত শিক্ষালোৱা, চৰকাৰী (প্ৰশাসনিক,আইন আদি), ব্যৱসায়িক কাম কাজৰ লগতে গণমাধ্যমত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰা এক সামাজিক/দেৱানী আৰু মানৱ অধিকাৰ৷ সমাজ ভাষাবিজ্ঞান, ৰাজনীতি বিজ্ঞান, আইন আৰু মানৱ অধিকাৰৰ সমূহীয়া দিশৰ পৰা এই বিষয়টো অধ্যয়ন কৰা হয়৷
civil and human rights allowing individuals and groups to freely choose the language(s) for communication in private and public domains for all areas of communication. These include the person(s)’ right to learn their own language in both formal and informal contexts and use the freely chosen language(s) as medium of academic instruction, for communication in administrative, legal, business matters and media.
- ভাষিক পক্ষপাতিত্বbha.xik po.khyo.pa.tit.twoAbstract Noun
আন কাৰোবাৰ ভাষাৰ নিৰ্বাচন আৰু ব্যৱহাৰক ভিত্তি কৰি তেওঁ(লোক)ৰ স্বভাৱ, শিক্ষা, সামাজিক মৰ্যাদা, অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে আন কোনোবাই পোষণ কৰা পক্ষপাতমূলক, অপকাৰী বিচাৰ বা তেনেদৰে কৰা মন্তব্য৷
having or making prejudiced judgments about another`s wealth, education, social status, character etc. based on choice and use of language by the other person(s).
- ভাষিক বৈষম্যbha.xik boi.xo.myoAbstract Noun
আন কাৰোবাৰ ভাষাৰ নিৰ্বাচন আৰু ব্যৱহাৰক ভিত্তি কৰি তেওঁ(লোক)ৰ স্বভাৱ, শিক্ষা, সামাজিক মৰ্যাদা, অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে আন কোনোবাই পোষণ কৰা পক্ষপাতমূলক, অপকাৰী বিচাৰ বা তেনেদৰে কৰা মন্তব্য৷
having or making prejudiced judgments about another`s wealth, education, social status, character etc. based on choice and use of language by the other person(s).
- ভাষিক মানৱ অধিকাৰbha.xik ma.nob o.dhi.karAbstract Noun
কোনো ব্যক্তি বা গোটক ঘৰুৱা বা ৰাজহুৱা ক্ষেত্ৰত তেওঁলোকৰ নিজ ভাষা ব্যৱহাৰ কৰা, শিকা, সেই ভাষাত শিক্ষালোৱা, চৰকাৰী (প্ৰশাসনিক,আইন আদি), ব্যৱসায়িক কাম কাজৰ লগতে গণমাধ্যমত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰা এক সামাজিক/দেৱানী আৰু মানৱ অধিকাৰ৷ সমাজ ভাষাবিজ্ঞান, ৰাজনীতি বিজ্ঞান, আইন আৰু মানৱ অধিকাৰৰ সমূহীয়া দিশৰ পৰা এই বিষয়টো অধ্যয়ন কৰা হয়৷
civil and human rights allowing individuals and groups to freely choose the language(s) for communication in private and public domains for all areas of communication. These include the person(s)’ right to learn their own language in both formal and informal contexts and use the freely chosen language(s) as medium of academic instruction, for communication in administrative, legal, business matters and media.
- ভাষ্bhāṣTransitive verb
কথা ক; মাত
to speak
- ভাষ্যbhāṣyaNoun
টীকা; কোনো শাস্ত্ৰৰ প্ৰতিশব্দৰ অৰ্থসহ শ্লোকৰ মানে দিয়া আৰু তাত নিজৰ মতামত দিয়া টিপ্পনী; যেনে-"বেদৰ ভাষ্য"
a commentary
- ভাষ্য়কাৰCommon Noun
পৰিঘটনা বা কোনো লিখনীৰ ওপৰত মন্তব্য কৰা ব্যক্তি৷
a person who comments on events or on a text.
- ভাসbhāsaNoun
সদাচাৰ; .b >2/b>। শুচি-অশুচি বিচাৰ
ceremonial purity ; sense of ceremonial purity
- ভাস্কৰbhāskaraNoun
সূৰ্য্য
the Sun
- ভাস্কৰ - ১bhas.kor - ekMaterial Noun
এটা ভাৰতীয় কৃতিম উপগ্ৰহ (১৯৭৯) ৷ মূলতঃ সাগৰীয় তথ্য সংগ্ৰহ কৰে৷
A satellite (1979) built by the Indian Space Research Organisation that formed India`s first low orbit Earth Observation Satellite. They collected data on telemetry, oceanography and hydrology.
- ভাস্কৰ - ২bhas.kor - duiMaterial Noun
এটা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ (১৯৮১)৷ মূলতঃ সাগৰীয় তথ্য সংগ্ৰহ কৰে৷
An artificial satellites (1981) were built by the Indian Space Research Organisation that formed India`s first low orbit Earth Observation Satellite. They collected data on telemetry, oceanography and hydrology.
- ভাস্কৰাব্দbhas.ko.rab.doAbstract Noun
কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজ অভিশেষৰ পৰা এই বছৰ গণনা হয়৷ খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা৷
Era counted from Kumar Bhashkar Barman of Kamrupa. It differs 593 years with chrishtian era.
- ভাস্কৰ্যবিদ্যাbhas.kor.jyo.bi.dyaAbstract Noun
নিজৰ হাতৰ সহায়েৰে বাঁহ-বেঁত আদিৰে তৈয়াৰ কৰা কোনো শিল্পকৰ্ম৷
A craft or occupation requiring skilled use of the hands.
- ভাস্কৰ্য্যbhas.kor.jyoAbstract Noun
the art of carving, modeling, welding, or otherwise producing figurative or abstract works of art in three dimensions, as in relief, intaglio, or in the round.
- ভাস্বতীbhas.so.tiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.