কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাথুকাৰna.thu.karAbstract Noun
Disagreeing the truth or existence of a thing
- নাদnādaNoun
ডাঙৰ শব্দ; গৰ্জ্জন
a loud sound
- নাদনীnādanīNoun
ৰৌ জাতিৰ আৰু সেই নিচিনা এবিধ বৰ ডাঙৰ মাছ
a kind of large fish; Labeo nandina
- নাদানিnādāniNoun
পৰ্ব্বতৰ চাপৰ অংশ; . পৰ্ব্বতৰ ওচৰত থকা সমান ঠাই
the slope or lower part of a hill or mountain ; a plain near the hills
- নাদৰ ভেকুলীnādara, bhekulīNoun
চুক-ভেকুলী; নিজ ঘৰ বা গাঁবতে সোমাই থকা মানুহ; অজ্ঞ লোক
one without the least experience of the outside world
- নাদৰা-দৰাnādarā-darāNoun
আদৰি ননা দৰা; নমতাকৈ অহা মানুহ বা অতিথি,
an unwelcome visitor
- নানকাৰnānakāraNoun
কোনো ভাল কামৰ বঁটা-স্বৰূপে দান দিয়া নিষ্কৰ মাটি
a rent-free land given for service rendered
- নান্দনীnan.do.niCommon Noun
ৰৌ জাতিৰ আৰু সেই নিচিনা এবিধ বৰ ডাঙৰ মাছ ৷
A kind of large freshwater fish similar to Rohu (<i>Labeo rohita</i>).
- নান্দীnāndīNoun
কাব্য বা নাটকৰ আৰম্ভতে কোনো ৰজা বা দেবতাক প্ৰশংসা, তুতি কৰা শ্লোক
the praise of a king of deity with which a drama or poem opens
- নান্দীমুখ শৰাধnāndīmukha, śarādhaNoun
বিয়া আদি শুভ কাৰ্য্যৰ আৰম্ভতে, সেই কাৰ্য্য কৰোঁতাৰ পিতা, পিতামহ, প্ৰপিতামহ, মাতৱ, পিতামহী, প্ৰপিতামহী, মাতামহ, প্ৰমাতামহ আৰু বৱদ্ধ প্ৰমাতমহ, এই নজনৰ উদ্দেশ্যে কৰা শৰাধ; ন পুৰুষৰ শৰাধ
a śrāddha ceremony performed in memory of the manes preliminary to any festive occasion such as marriage
- নান্দীমুখ-শ্ৰাদ্ধnan.di.mukh-srad.dhoAbstract Noun
বিয়া আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আগেয়ে নজনা পূৰ্বপুৰুষক সুৱঁৰি কৰা বিশেষ পূজা বা শৰাধ (হিন্দু প্ৰথামতে)।
a special prayer in honour of nine predecessors performed before an important event like marriage ceremony (according to Hindu rites).
- নাপদnāpadaNoun
না-শব্দ; নিষেধ বা অভাব বুজোবা শব্দ; নহয় বা নাইকিয়া বুজোবা শব্দ
a negative
- নাপিতnāpitaNoun
মানুহৰ ভাঢ়ি-চুলি খুৰাই প্ৰবৰ্ত্তা মানুহ
a barber
- নাপৰাnāparāNoun
নৰিয়া; যেনে-"যেন কোন জন অতি আতুৰ নাপৰা। সকাশ পাইবাক লাগি ভুঞ্জয় শৰ্কৰা" (ৰত্নাবলী)
ill
- নাবাইnābāiNoun
নাও বাই বা চলাই নিয়া কাৰ্য্য; যেনে-"ওলোটা বতাহত নাবাই নহয়"
the act of proceeding by a boat; navigation
- নাবাপুnābāpuNoun
বায়েকে সৰু ভাইক মতা মাত।
- নাবালকnābālakaNoun
কম বয়সৰ ল'ৰা
minor
- নাবিকnābikaNoun
নাও বা জাহাজ চলাওঁতা
a boatman; a sailor
- নাবৰাnābarāNoun
নাওৰা।
- নাবৰীয়াnābarīẏāNoun
নাও বোবা মানুহ; নাও বাওঁতা বা চলোবা মানুহ
a boatman