কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিতিংখাতাংAbstract Noun
দুটা টান বস্তুৰ পাতলকৈ হোৱা খুন্দিয়া-খুন্দিৰ শব্দ
the sound of two hard things striking slightly against each other
- খিদমতkhidamataNoun
খেচমত; খেদমত; খাটনি
service
- খিদমতগাৰkhidamatagāraNoun
সেবক; পৰিচালক (খুদাই খেদমতগাৰ)।
- খিলাkhilāNoun
দুচটা কাঁঠ জোৰা খুবাই ধৰি ৰাখিবলৈ সুমাই দিয়া চেপেটা শাল; যেনে-"ভকত ডাঙৰ, ভকত সৰু, ভকত মাজৰ খিলা। চাঙৰ তলত ভকত আছে দেখিলা কি নেদেখিলা।"
a flat pin for joining two pieces of wood, etc.
- খিলাংkhilāmNoun
আগৰ দিনৰ আহোমবিলাকৰ চাংমাই-শালত মঙহ কুটা পাট
a kitchen dresser used by the ancient Āhoms
- খিলাতkhilātaNoun
ৰজাই কোনো উপাধি দিওঁতে তাৰ লগত দিয়া সাজ-পাৰ।
- খিলানkhi.lanMaterial Noun
ওপৰৰ ভাৰ বহন কৰা বৃত্তাকাৰ গাঁথনি।
A masonry construction (usually curved) in any architecture for spanning an opening and supporting the weight above it.
- খিলাফতkhilāphataNoun
তুৰস্কৰ ৰজা (খলিফা) আৰু ধৰ্ম্মগুৰুৰ ক্ষমতা, মৰ্য্যাদা আদিৰ বাব
the position and power of the Sultan of Turkey; Khalifate
- খিলাফৎ আন্দোলনAbstract Noun
১৯১৯-২৪ খৃষ্টাব্দৰ কালচোৱাত বৃটিছৰ আমোলত ভাৰতীয় মুছলমানসকলে গঢ়ি তোলা এক আন্দোলন, যাৰ মূল লক্ষ্য আছিল অটমান কালিফেটৰ খালিফ, চুন্নী মুছলমানসকলৰ নেতাজনক ৰাজনৈতিক মুৰব্বীৰূপে স্বীকাৰ কৰা
also known as the Indian Muslim movement (1919–24), was a pan-Islamist political protest campaign launched by Muslims of British India to restore the caliph of the Ottoman Caliphate, the leader of Sunni Muslims, as an effective political authority.
- খিলিkhiliNoun
নাবৰ তলীত পাট জোৰা দিয়াত ব্যবহাৰ কৰা দুই-মূৰ-জোঙা চেপেটা গজাল
a flat nail pointed at both ends
- খিলিংকাৰAbstract Noun
লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।
extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act.
- খিলিকিkhilikiNoun
কাৰ্ফাই ধেনু বা হিলৈৰ লপলপি বা ঘোঁৰা ওফৰোবা যতন
a trigger
- খিলিকীkhi.li.kiMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.
- খিলিঙ্কাৰkhiliṅkāraNoun
দুৰ্নাম; দুৰ্যশ
disgrace
- খিল্খিলkhilkhilaNoun
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোবাৰ নিচিনা শব্দ; খিক্খিক্
an imitative word used to express the sound of a supressed laugh
- খিড়িকীkhiṛikīNoun
বতাহ বা পোহৰ সোমাবলৈ বেৰত লগোবা সৰু দুবাৰ
a window
- খিয়লা-খিয়লিkhiẏalā-khiẏaliNoun
এটাই আনটোৰ প্ৰতি পৰস্পৰ খিয়াল বা হিংসা কৰা কাৰ্য্য
mutual envying
- খিয়াতিkhiẏātiNoun
খ্যাতি; যশস্যা
fame
- খিয়ালNoun
ঈৰ্ষা; হিংসা; আনৰ ভাল দেখিলে হোবা অসন্তোষ বা অনিষ্ট কৰিবলৈ ইচ্ছা
envy
- খিৰকিMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.