কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাংবাজী মাৰ্phang.ba.ji marVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ফাই দাং মাৰ্phāi, dām, mārIntransitive verb
গুচি যা
to go away
- ফাউলfaulVerbal Noun
খেলত খেলুৱৈয়ে বিধি উলঙ্ঘা কৰা কাৰ্য ।
an action that is against the rules of the game.
- ফাট্phāṭIntransitive verb
দুফাল হ; ছিৰা মেল্; ছিটাছিট্ হ; বিদীৰ্ণ হ; দুভাগ হ
to be torn; to crack or split
- ফাদিল কৰpha.dil korVerb-Trans.
মানুহৰ দৃষ্টিলৈ আন্ বা সকলোকে জনাই দে৷
bring to sight or knowledge.
- ফান্দphāndaNoun
পহুৰবা চৰাই ধৰা যতন
a trap
- ফান্দত পৰ্khan.dot porVerb-Intran.
জালত বন্দী হ বা জালত পৰি এৰাব নোৱাৰা হ
to be entangled or trapped
- ফান্দোৱালphan.do`.walVerbal Adj.
ফান্দ পেলাই বনৰীয়া হাতী ধৰোঁতা
one who nooses a wild elephant or an elephant catcher
- ফান্দ্phāndIntransitive verb
ফিন্দা; যেনে-"পাৰিল গেডুবা চড়াই ফুল ভৰি ফান্দি। অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি" (বৰগীত)।
- ফাপphapVerb-Intran.
দৰৱ, মন্ত্ৰ আদিৰ গুণ ধৰ ৷
To be efficacious, as a medicine or an incantation.
- ফাপ্phāpIntransitive verb
গুণ ধৰ্ (দৰব আৰু মন্ত্ৰ)
to be efficacious, as a medicine or an incantation
- ফালনVerbal Noun
ফলা কাৰ্য্য; বল প্ৰয়োগ কৰি ভেদ বা বিদীৰ্ণ কৰা কাৰ্য্য
the act of separating into pieces by pulling apart
- ফালি-চিৰি পেলাpha.li-si.ri pe.laVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- ফালোঁতাpha.lo`~.taVerbal Noun
যি বিদাৰণ কৰে বা ফালে।
one who tears or causes to fall apart (somethings).
- ফাল্phālTransitive verb
ছিৰ্; ছিটাছিট কৰ; দুই বা বহু ফাল কৰ্
to ear, rend or split
- ফাল্Verb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.
- ফালৰি কাট্pha.lo.ri katVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- ফালৰি মাৰ্pha.lo.ri marVerb-Intran.
এফলীয়া কাটি গুচি যা অথবা আঁতৰৰে পৰা আন এফালে গতি কৰ্।
to keep at a distance or to take another direction at a distance.
- ফাড়phāṛaTransitive verb
ফাল্; যেনে-"কোবাই আজি তোৰ ফাড়িবো ছাল" (কীৰ্ত্তন)।
- ফাড়্pharVerb-Trans.
বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|
To pull apart or in pieces by force.