কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একলেekaleAdverb
অকলে; যেনে-"হাতত পৰশু লই। একলে দেখিব গই" (কীৰ্ত্তন)। "স্বৰ্গ পৱথ্বীৰ মধ্যে আকাশক দশো দিশক তুমি একেলায়ে ব্যাপি আছা" (ক. গী.)।
alone
- একাekāAdverb
অন্যথা নোহোবাকৈ [নিশ্চয়াৰ্থত] যেনে-"এনে স্বভাব নেৰিলে তই মৰিবি একা"
certainly; without fail
- একাকাৰ কৰ্e.ka.kar korVerb-Trans.
বস্তু বা মানুহৰ মাজত ভিন্নতা নোহোৱা কৰ্
to make no distinction between (things)
- একাগ্ৰ হe.ka.gro hoVerb-Intran.
Pay close attention to; give heed to
- একাগ্ৰচিত্তেe.ka.gro.sit.teAdverb
অতি নিষ্ঠাৰে বা গভীৰ মনোযোগেৰে
with profound dedication
- একাগ্ৰতাৰেe.ka.gro.ta.reAdverb
done or carried out with honest efforts
- একাঙ্গীভূত হe.kang.gi.bhut hoVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- একাত্ম হVerb-Intran.
আনেৰে সৈতে মিলা-প্ৰীতি কৰি থাক্ বা আনৰ লগত মিলি যা
to bring into conformity with the customs, attitudes, etc., of a group, nation, or the like
- একাদিক্ৰমেekādikrameAdverb
একৰপৰা আৰম্ভ কৰি ক্ৰমান্বয়ে; যেনে -"একৰ পাছত দুই, দুইৰ পাছত তিনি" ইত্যাদি
consecutively; in regular series
- একাদোৱাVerbal Noun
লেখাত আগৰ কথা পাচলৈ আৰু পাচৰ কথা আগলৈ নিবৰ কাৰণে `২`,`১` এইৰূপে চিন লগোৱা
marked words with figures to indicate their proper order in the writing
- একান্ত-চিত্তেe.kan.to-sit.teAdverb
অতি নিষ্ঠাৰে বা গভীৰ মনোযোগেৰে
with profound dedication
- একান্তমনেe.kan.to.mo.neAdverb
অতি নিষ্ঠাৰে বা গভীৰ মনোযোগেৰে
with profound dedication
- একান্নেAdverb; Noun
একান্নতা; একান্নভুক্ত, একান্নবৰ্ত্তী, একান্নবৰ্তী বিণ. একে চৰুতে খোবা; একেলগে খোবা-লোবা কৰা
living in a joint family
- একাষৰীয়া কৰ্e.ka.xo.ri.ya korVerb-Trans.
To go away from designated path.
- একীকৃতe.ki.kri.toVerbal Adj.
থূপ খুওৱা বা একেলগে কৰা
brought together into a single whole
- একুণেekuṇeAdverb
নকত্ৰে; সমুদায়ে; মুঠতে
altogether
- একে থৰে চাeke thore saVerb-Intran.
To look steadily and intently
- একে সময়তেyeAdverb
একেটা সময়ত (হোৱা বা ঘটা)
(happening or occurring) at the same time
- একেকালেekekāleAdverb
একেবাৰে; সম্পূৰ্ণকৈ
once for all
- একেকোবেekekobeAdverb
একেচাবে।