কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হতচকিতho.to.so.ki.toAbstract Noun
কোনো অপ্ৰত্যাশিত বা আচৰিত ধৰণৰ বস্তু বা ঘটনাৰ হঠাত্ সন্মূখীন হ’লে হোৱা অনুভূতি।
the sudden feeling when something unexpected or strange is experienced.
- হতচেতনho.to.se.tonAbstract Noun
অচেতন হৈ পৰা অৱস্থা; সাধাৰণতে মগজুত তেজৰ প্ৰবাহ কম হলে হ’ব পাৰে |
A spontaneous loss of consciousness caused by insufficient blood to the brain.
- হতবিদ্যাho.to.bi.dyaAbstract Noun
হেৰাই যোৱা গুণ বা বিদ্যা৷ উদাহৰণ- অনভ্যাসে হত বিদ্যা৷
A skill forgotten by somebody.
- হতা-হতিhatā-hatiNoun
পৰস্পৰে হাতে হাতে মৰা-মৰি কৰা কাৰ্য্য; কিলাকিলি; . বিণ. ওচৰ চাপি পৰস্পৰে হাতেৰে প্ৰহাৰ কৰা। যেনে-"হতা-হতি যুদ্ধ"
the act of striking each other with the hand ; hand to hand (as of fight)
- হতালি-বটালিhatāli-baṭāliNoun
হাট-বাট; নিজৰ বিয়া কৰোবা ভাৰ্য্যা বা স্বামীত বাজে অন্য তিৰোতা বা মুনিহৰ গাত হাত দিয়া বা হঁহা-মতা কাৰ্য্য
undue familiarity with a man or woman other than one's husband or wife
- হতাশাNoun
নৈৰাশ্য; আশাশূন্য অবস্হা
disappointment; hopelessness
- হতাশাগ্ৰস্ততাAbstract Noun
কোনো আশা নোহোৱা অৱস্থা; হতাশাই আৱৰি ধৰা অৱস্থা
a feeling or state of despair
- হতাশাবাদীCommon Noun
যিজন ব্যক্তিয়ে কথাবোৰৰ আটাইতকৈ বেয়া দিশটো দেখাৰ প্ৰৱণতা থাকে বা আটাইতকৈ বেয়াটো হ’ব বুলি বিশ্বাস কৰে৷
a person who tends to see the worst aspect of things or believes that the worst will happen.
- হতাহতিho.ta.ho.tiAbstract Noun
দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons.
- হত্যাhatyāNoun
বধ; প্ৰাণ সংহাৰ কৰা কাৰ্য্য
the act of killing; murder
- হত্যা কৰ্Noun
হত্যাকাৰী; স্ত্ৰী. হত্যাকাৰিণী।
- হত্যাকাণ্ডho.tya.kan.doAbstract Noun
the killing of one human being by another
- হত্যাকাৰীho.tya.ka.riCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- হদhadaNoun
মাটিৰ সীমা
a boundary line
- হদিছhadichaNoun
কোৰাণত উল্লিখিত নোহোবা হজৰত মহম্মদৰ উপদেশসমূহ।
- হননhananaNoun
বধ কৰা কাৰ্য্য
the act of killing
- হননকাৰীCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- হনাhanāNoun
নৈৰ সোঁত বা গতি সলনি কৰিবলৈ আৰম্ভ
the commencement of the change of the course of a river
- হনিমুনho``.ni.munAbstract Noun
নতুনকৈ বিয়া হোৱা দম্পতিয়ে উপভোগ কৰা ছুটী নাইবা বিলাস-ভ্ৰমণ
A honeymoon is the traditional holiday taken by newlyweds to celebrate their marriage in intimacy and seclusion. Today, honeymoons by Westerners are often celebrated in destinations considered exotic and/or romantic.
- হনিয়া-হনিhaniẏā-haniNoun
খোঁচা-খুচি; খিয়লা-খিয়লি; শত্ৰুতা; বৈৰভাব
mutual ill-feeling; enmity