কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইকাতি-সিকাতিikāti-sikātiNoun
লৰ-চৰ; ইফাল-সিফাল; যেনে-গাৰ বা কথাৰ ইকাতি-সিকাতি
turning side; prevarication
- ইকান-সিকানikāna-sikānaNoun
কান-সলোবা; একানৰপৰা আন কানলৈ নিয়া
changing shoulders
- ইকাৰikāraNoun
ই আখৰ; বিশেষকৈ "ি"; "ই", "ি"।
the vowel ; especially the symbol
- ইকুল-সিকুলikula-sikulaNoun
দুই কুল বা বংশ; পিতৱ-মাতৱৰ বংশ বা স্বামী আৰু পিতৱ-বংশ
both families
- ইকুৱেডৰi.ku.we.dorProper Noun
দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিমত এখন সতন্ত্ৰ দেশ।
Ecuador, officially the Republic of Ecuador is a representative democratic republic in northwestern South America, bordered by Colombia on the north, Peru on the east and south, and the Pacific Ocean to the west.
- ইকূল-সিকূলikūla-sikūlaNoun
দুয়োপাৰ; উভয় পাৰ
both the banks
- ইক্ষণAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- ইক্ষুikṣuNoun
কুঁহিয়াৰ
the sugarcane
- ইক্ষ্বাকুikṣbākuNoun
সূৰ্য্য-বংশৰ আদি ৰজা; শ্ৰাদ্ধদেব মনুৰ নাতি
the name of the first king of the solar race
- ইক্ষৱi.khyobCommon Noun
এবিধ ঘাঁহ জাতীয় ৫-৭ ফুটমান ওখ গছ৷ ইয়াৰ পৰা চেনি তৈয়াৰ কৰা হয়৷
a tall grass of tropical and warm regions, having a stout, jointed stalk, and constituting the chief source of sugar.
- ইকৰাikarāNoun
ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্ত্ত তাতকৈ সৰু এবিধ বন
the walling reed
- ইক’নাৰীবাদe.ko``.na.ri.badAbstract Noun
নাৰীবাদী আৰু পাৰিবেশিক চিন্তাচৰ্চাৰ সংযোগত সৃষ্টি হোৱা দৰ্শন আৰু তাৰ ভিত্তিত গঢ়ি উঠা আন্দোলন৷
a philosophical and political movement that applies feminist ideas to ecological concerns.
- ইগলোig.lo`Material Noun
গোটা বৰফেৰে নিৰ্মিত অৰ্দ্ধ গোলাকাৰ গাঁথনিৰ ঘৰ৷
Dome-shaped Eskimo house built from blocks of solid snow.
- ইঘৰ-সিঘৰi.ghor-xi.ghorAbstract Noun
এইঘৰ আৰু সেই ঘৰ ৷
this and that house.
- ইঙ্গিতiṅgitaNoun
কথা বা ভাব বুজুওবা সঙ্কেত; চিযাঁৰ; টিপ; ঠাৰ
a hint; a gesture
- ইঙ্গুদীiṅgudīNoun
এবিধ গছ [প্ৰাচীন কালত ঋষিসকলে ইয়াৰ গুটিৰপৰা তেল উলিয়াই ব্যবহাৰ কৰিছিল]।
- ইঙ্গুলীiṅgulīNoun
এবিধ গছ [প্ৰাচীন কালত ঋষিসকলে ইয়াৰ গুটিৰপৰা তেল উলিয়াই ব্যবহাৰ কৰিছিল]।
- ইচাট-বিচাটi.sat-bi.satVerbal Noun
গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷
a twisting of the body from side to side, as in pain and inability to rest or relax or be still.
- ইচাটি-বিচাটিi.sa.ti-bi.sa.tiVerbal Noun
গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷
a twisting of the body from side to side, as in pain and inability to rest or relax or be still.
- ইচাট্-বিচাট্icāṭ-bicāṭNoun
আচাট-বিচাট; ধৰফৰণি; ছাটি-ফুটি; গা বা মনৰ পোৰণি বা দুখত ইলুটি-সিলুটি কৰা
tossing about in pain; restlessness