ইঙ্গিত
iṅgita
অৰ্থ
1.
কথা বা ভাব বুজুওবা সঙ্কেত; চিযাঁৰ; টিপ; ঠাৰ
a hint; a gesture
বি.
2.
অভিপ্ৰায়; ভিতৰি ইচ্ছা; গোপনে দিয়া অনুমতি; যেনে-"শিশুকাল হস্তে তুমি অৰ্জ্জুনৰ হিত। নিশ্চয় জানিলো গুৰু তোমাৰ ইঙ্গিত" (দ্ৰোণপৰ্ব্ব)
secret wish or approval
বি.
3.
নিমিষ; মুহূৰ্ত্ত; যেনে-"জিনিবো ৰণত তেবে তোমাক ইঙ্গিতে" (আদিকাণ্ড)
instant
বি.
4.
অবজ্ঞা; অমান্য কৰা; তুচ্ছ জ্ঞান; যেনে-"ব্ৰাহ্মণক আৰ যেন নকৰা ইঙ্গিত" (আদিকাণ্ড)
disregard
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ