কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঞ্জকAdjective
আনন্দ দিয়া; যেনে-"প্ৰজা-ৰঞ্জক গুণ"
pleasing
- ৰঞ্জকবিহীনProper Adj.
কোনো বিশেষ ৰং বা ৰঞ্জক নথকা
with a marked deficiency in pigmentation
- ৰঞ্জকহীনProper Adj.
কোনো বিশেষ ৰং বা ৰঞ্জক নথকা
with a marked deficiency in pigmentation
- ৰঞ্জিতAdjective
ৰং বা বৰণৰ দ্বাৰা শোভিত
painted
- ৰণ-ছেৰraṇa-cheraAdjective
ৰণ এৰি বা অতিক্ৰম কৰি যোবা; যেনে-"কি কৰিব ৰণছেৰ দেবতাৰ বাদে" (দশম); "ত্ৰিদশক জিনিঃ ৰণছেৰ কৰিঃ কীৰিতিক বৰ খৈলোঁ" (মা. ক., অৰণ্যকাণ্ড)।
- ৰণ-পলৰীয়াraṇa-palarīẏāAdjective
যুদ্ধ-ক্ষেত্ৰৰপৰা পলাই সৰা; ৰণ-ভগনীয়া
flying from the battlefield
- ৰণকামীron.ka.miProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- ৰণক্লান্তron.klan.toProper Adj.
ৰণত ভাগৰি পৰা, অৱশ হোৱা বা পুনৰাই যুঁজিবলৈ (সেই সময়ত) উদ্যম নথকা৷
The fatigue or tiredness after a long battle.
- ৰণচণ্ডীro.no.son.diProper Adj.
আক্ৰমণাত্মক মানুহ বা দলৰ মানসিকতা, আক্ৰমণ কৰিবলৈ উদ্যত হৈ থকা।
an attacking mood, frequently used to express the attacking or about to attacking person or group.
- ৰণচালিro.no.sa.liProper Adj.
আক্ৰমণাত্মক মানুহ বা দলৰ মানসিকতা, আক্ৰমণ কৰিবলৈ উদ্যত হৈ থকা।
an attacking mood, frequently used to express the attacking or about to attacking person or group.
- ৰণদুৰ্মদProper Adj.
যুদ্ধৰ বাবে উদ্যত বা উত্তেজিত
a person who advocates, endorses, or tries to precipitate war
- ৰণমত্তProper Adj.
ৰণত গৰ্বিত, উল্লসিত, আত্মহাৰা বা উন্মত্ত হোৱা
intoxicated with zeal for war
- ৰণিতraṇitaAdjective
ধ্বনিত
resonant
- ৰণোন্মত্তProper Adj.
যুদ্ধৰ বাবে উদ্যত বা উত্তেজিত
a person who advocates, endorses, or tries to precipitate war
- ৰণ্ড-ভণ্ডraṇḍa-bhaṇḍaAdjective
লৰ্বাং-তৰ্বাং; লণ্ডভণ্ড; লটিঘটি; যেনে-"স্ত্ৰীৰ দোষে স্বামী ৰণ্ড-ভণ্ড" (ডাক-চৰিত)
harassed; troubled; confused
- ৰণৰংগীProper Adj.
ৰণ কৰি ভাল পোৱা
one who loves war
- ৰণৰঙ্গীraṇaraṅgīAdjective
ৰণত পাৰ্গত; যুদ্ধ-প্ৰিয়; যেনে-"দুয়ো বীৰ ৰণৰঙ্গীঃ কৰে দুয়ো অঙ্গভঙ্গী" (ৰুক্মিণী-হৰণ)।
- ৰতrataAdjective
আসক্ত; ভাল পোবা
addicted
- ৰত-ৰতীয়াrata-ratīẏāAdjective
ছাল ছিগি ৰঙা মঙহ ওলোবা
exposing the red flesh, as a sore; an abrasion of the skin
- ৰতি-বিহ্বলAdjective
সঙ্গমৰ ইচ্ছাৰে আতুৰ; অতিশয় কামাতুৰ
afflicted with desire for copulation; lustful