কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গণতান্ত্ৰিকgo.no.tan.trikProper Adj.
কোনো এখন দেশৰ অথবা কোনো এক সংস্থাৰ, প্ৰণালীৰ অথবা সেই সম্বন্ধীয়, য’ত নেতাজন বাচনি অথবা ভোটদানৰ সহায়ত নিৰ্বাচিত কৰা হয় ৷
of or relating to a country, organization, or system in which leaders are chosen or decisions are made by voting.
- গণনীয়gaṇanīẏaAdjective
মানিবৰ যোগ্য; মাননীয়
respectable
- গণমুখ্যgaṇamukhyaAdjective
নেতা; অনেক লোকক চলাওঁতা; যেনে -"গণমুখ্য ভৈল যিটো মনে দেখি ভিন্ন" (শান্তিপৰ্ব্ব)
a leader
- গণীয়go.ni.yoProper Adj.
কোনো বৰ্গ বা গণৰ সকলো সদস্যৰ ক্ষেত্ৰতে প্ৰযোজ্য
applying to all members of a certain class
- গণেশ-পেটাAdjective
পেটুবা; গেৰেলা
pot-bellied
- গণ্ডগোলীয়াgon.do.go`.li.yaProper Adj.
কোনো বিশৃংখল আৰু বেমেজালিজনক পৰিবেশ বা অৱস্থা৷
A condition or place of great disorder or confusion.
- গণ্ডপীAdjective
গপাল; অহঙ্কাৰী; বৰকথীয়া
boastful
- গণ্ডপী গপালgon.do.pi go.palProper Adj.
আপোনাৰ মিছা যশস্যা প্ৰকাশ কৰা; নিজকে নিজে প্ৰশংসা কৰা |
Characterized by or exhibiting excessive vanity.
- গণ্যgaṇyaAdjective
ডাঙৰ বা শ্ৰেষ্ঠ বুলি মানিব বা ধৰিবৰ যোগ্য
deserving esteem or respect
- গণ্য-মান্যgo.nyo-ma.ny0Proper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- গতgataNoun
বাদ্যৰ কোনো নিৰ্দ্দিষ্ট সুৰ
a musical tune
- গতনিদ্ৰgo.to.ni.droProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- গতনীয়াgatanīẏāAdjective
সদায় একে ৰকমে বা পোনে গতি কৰা বা ৰৈ থকা অৰ্থাৎ কাষ-পাৰ ভাঙি যেনি তেনি নোযোবা (নৈ)
flowing in its own channel (said of a river)
- গতানুগতিকgatānugatikaAdjective
লোকৰ নিয়ম বা কাৰ্য্যমতে চলা
doing as the others do; imitating
- গতায়ুgatāẏuAdjective
জীব যোবা; মৰা; মৱত
dead
- গতায়ুষgatāẏuṣaAdjective
জীব যোবা; মৰা; মৱত
dead
- গতায়ুসgo.ta.yuxProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- গতিকgo.tikProper Adj.
গতিৰ সৈতে জড়িত বা গতিৰ দ্বাৰা সৃষ্ট
of or produced by motion/movement
- গতিজgo.tijProper Adj.
গতিৰ সৈতে জড়িত বা গতিৰ দ্বাৰা সৃষ্ট
of or produced by motion/movement
- গতিভ্ৰষ্টgatibhraṣṭaAdjective
দুৰ্গতি হোবা; মুক্তি নষ্ট হোবা
helpless; deprived of deliverance