কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেঁচাইkem̐cāiAdverb
নপকাকৈ
in unripe or green state
- কেঁচীয়াকৈke~.si.ya.koiAdverb
এচুকৰপৰা আন চুকলৈ ।
joining opposite corners of a rectangle, square or other figure.
- কেঁচেলুৱাke~.se.lu.waAdjective Adj.
পূৰঠ হৈ পকিবলগা হোৱা ফল-মূল ৷
Some fruit that is mature enough and beginning to ripen.
- কেঁচ্kem̐cIntransitive verb
এবাৰ পকিবলৈ ধৰি আকৌ নপকা হ; পকা গুঁচি কেঁচা হ (চুলি); যেনে-"পকা চুলি কেঁচিবলৈ ধৰিছে।"
- কেঁত কৰ্Adverb
গিৰিসাই ধৰি বা আঘাত কৰি; অকস্মাৎ কামোৰ মাৰি ধৰি
attacking or seizing suddenly
- কেং কেংVerbal Noun
কুকুৰে দুখ পালে উচ্চ স্বৰত চুটী চুটীকৈ ভুকা শব্দ৷
(of dogs) high, sharp, short barks (usually as expression of pain, irritation)
- কেংকেঙাkeng.kengaVerb-Intran.
(কুকুৰে দুখ পাই) উচ্চ স্বৰত চুটী চুটীকৈ ভুক৷
(of small dogs) to utter high, sharp, short barks (usually as expression of pain, irritation)
- কেও-মেওkeo`-meo`Verbal Noun
ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
A humble and earnest request for help from someone in authority.
- কেও-মেও কৰ্keo`-meo` korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- কেওপিনেkeo`.pi.neAdverb
সকলো দিশে।
all sides or all over.
- কেওফালেkeo`.pha.leAdverb
সকলো দিশে।
all sides or all over.
- কেটেপা মাৰ্ke.te.pa marVerb-Trans.
কেটেপাৰে কিবা বস্তু জোৰেৰে শূন্যলৈ মৰা৷
to throw something into air by using a catapult; to throw something/somebody or be thrown violently through the air.
- কেটেৰ কৰে, কেটেৰাইAdverb
অকস্মাৎ দাঁতেৰে কামুৰি বা চেপি পীড়া বা দুখ দি; যেনে-"কিহবাই কেটেৰ কৰে কামোৰ মাৰিলে"।
- কেটেৰা মাৰ্ke.te.ra marVerb-Trans.
কটু কথা কৈ কাৰোবাক সমালোচনা বা ককৰ্থনা কৰ্
to reprimand by uttering sharp words
- কেট্কেটাkeṭkeṭāIntransitive verb
খং কৰ্; দোষ ধৰি ডাবি দি; খিংখিঙা
to scold; to chide coarsely
- কেতসন্ধানেke.to.xon.dha.neAdverb
may be,to have a chance to occur
- কেতি-বেৰিketi-beriAdverb
কেতিয়া; কিমান বেলাত; যেনে -"জৰা মৰণ মোৰ নিকটহি আয়া কায়া; পৰ কেতিবেৰি" (বৰগীত)
when
- কেতিয়াketiẏāAdverb
কোন সময়ত; . কোন সময়
when ; what time
- কেতিয়াওAdverb
কদাচ; কদাপি; কোনো কালতে; কোনো সময়তে; (পাছত না-পদ এটা থাকে)
ever; at any time whatsoever (followed by a negative)
- কেতিয়াকৈke.ti.ya.koiAdverb
কোনো হৈ যোৱা বা হ’ব লগীয়া ঘটনাৰ সময় সুধিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক অব্যয়
an interrogative adverb to ask the time at which an event took place or would take place