কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধ্যভাগmo.dhyo.bhagAbstract Noun
যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
the point exactly at the middle of an object.
- মধ্যভোগীmo.dhyo.bho`.giCommon Noun
ধনৰ বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যোগাযোগ কৰি দিয়া লোক।
a person who takes commission to establish contacts between a seller and a buyer.
- মধ্যমতাAbstract Noun
মধ্যমীয়া হোৱাৰ অৱস্থা বা গুণ ৷
the state or quality of being mediocre.
- মধ্যমপন্থীmo.dhyom.pon.thiProper Noun
চৰম আৰু নৰম উভয় পন্থা এৰাই চলি মাজৰ পন্থা অনুসৰন কঁৰোতা ।
In politics and religion, a moderate is an individual who holds an intermediate position between two viewpoints, neither to be extreme or radical by those applying the term.
- মধ্যমাmadhyamāNoun
হাতৰ মাজৰ ডাঙৰ আঙুলি
the middle finger
- মধ্যমা আঙুলিmo.dhyo.ma a.ngu.liCommon Noun
হাতৰ মাজৰ আঙুলিটো, তৰ্জনীৰ কাষৰ আঙুলি।
The 3rd finger of the hand from the thump. It is also the longest finger.
- মধ্যযামmo.dyo.jamAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- মধ্যলয়mo.dhyo.loyAbstract Noun
ভাৰতীয় শাস্ত্ৰীয় গায়ন বা বাদনৰ (সাধাৰণতে মাজভাগত) বিলম্বিত লয়তকৈ খৰকৈ কিন্তু দ্ৰুত লয়তকৈ লাহে লাহে তালত কৰা পৰিৱেশন বিশেষ৷
a medium tempo or octave (faster than vilambit but slower than the drut)in Indian classical vocal or instrumental performance, usually towards the middle of the performance.
- মধ্যস্তৰmo.dhyo.storAbstract Noun
দৈহিক বা হ্ৰাসাত্মক কোষ বিভাজনৰ যিটো স্তৰত মহুৰাৰ বিষুৱীয় সমতলত ক্ৰমজ’মবিলাকে স্থিতি লয়
the stage in mitosis or meiosis in which the duplicated chromosomes line up along the equatorial plate of the spindle
- মধ্যস্থতাmo.dhyos.to.taAbstract Noun
কোনো বিবাদৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সমাধানৰ বাবে মাজত থকা অৱস্থা৷
an attempt to effect a peaceful settlement between disputing nations through the friendly good offices of another power.
- মধ্যস্থতাকাৰীmo.dhyos.tho.ta.ka.riVerbal Adj.
যিজনে দুই বিবাদী পক্ষৰ মাজত সহমত স্থাপনৰ উদ্দেশ্যে মধ্যস্থতা কৰে বা আপোছৰ চেষ্টা কৰে।
one who mediates or intervenes (between parties or in a dispute) in order to bring about agreement.
- মধ্যস্থলmo.dhyo.stholAbstract Noun
যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
the point exactly at the middle of an object.
- মধ্যস্হmadhyashaAdjective
ভিতৰত থকা; মধ্যবৰ্ত্তী; কোনো পক্ষৰ নোহোবা
central; neutral
- মধ্যস্হতাNoun
মাজত থকা অবস্হা
the state of being in the middle
- মধ্যস্হলNoun
মাজ ঠাই
centre
- মধ্যাংশMaterial Noun
মধ্যাংশ, মজ্জা
মধ্যাংশ, মজ্জা
- মধ্যাহ্নmadhyāhnaNoun
বেলি দুপৰীয়া; দিনৰ মাজভাগ; দুপৰ
midday; noon
- মধ্যাহ্নভোজনmo.dhya.hno.bho’.jonAbstract Noun
দুপৰীয়াৰ আহাৰ |
A meal eaten at midday
- মধ্যাহ্নিক ৰেখাmadhyāhnika, rekhāNoun
মূখৰ ওপৰৈ সুমেৰুৰপৰা কুমেৰুলৈ যোবা কাল্পনিক ৰেখা
a meridian
- মধ্যৰাত্ৰিmo.dyo.ra.triAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night