কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাৰ-ঘৰkhāra-gharaNoun
ৰণৰ সঁজুলি বিশেষকৈ হিলৈৰ খাৰ ৰখা ঘৰ
a magazine
- খাৰ-ছাইkhar-saiCommon Noun
a woman who engages in sexual intercourse for money
- খাৰ-জিলিকনিkhāra-jilikaniNoun
বিজুলীৰ পোহৰ
lightning flash
- খাৰ-জ্বৰkhāra-jbaraNoun
জ্বৰ আৰু গ্ৰহণী
dysentery
- খাৰ-মাটিkhāra-māṭiNoun
এবিধ খাবৰ গুণ থকা বগা মাটি (কাপোৰ আদি ধোবাত ব্যবহাৰ হোবা); চাজি-মাটি
Fuller's earth
- খাৰ-হাঁহkhāra-hām̐haNoun
এবিধ সৰু বনৰীয়া পানী-হাঁহ
a kind of wild duck
- খাৰগাঁঠিkhar.ga~.thiProper Noun
ভৰিৰ পতা আৰু বাকী অংশৰ মাজৰ জোৰা, য’ত ভৰিখন দুই ভিন্ন সমতলত লৰচৰ কৰে৷
the joint between the foot and the leg, in which movement occurs in two planes.
- খাৰঘৰkhar.ghorAbstract Noun
অস্ত্ৰ-শস্ত্ৰ জমা কৰি ৰখা ঠাই
Place for the storage of weapons and ammunitions
- খাৰছাইkhārachāiNoun
বেশ্যা।
- খাৰণিkhāraṇiNoun
খাৰ সৰাই উলিওবা পানী; খাবৰ পানী
a solution of potash; alkaline solution
- খাৰণি-ছটাNoun
খাৰণি সৰাই অঁতোবা ছাইৰ চপৰা
the refuse of potash ashes left after leaching
- খাৰণি-সঁতাkhāraṇi-sam̐tāNoun
খাৰণি চেকা বা সৰোবা সঁজুলি
a basket or vessel in which ashes are leached
- খাৰধিkhāradhiNoun
আঞ্জা খোবা শাক বা পাচলি
vegetables for cooking
- খাৰবাজীkhar.ba.jiProper Noun
ফটকা, ফুলজাৰি, হিলৈ আদি জুই ওলোৱা খাৰ-বাৰুদৰ খেল; বিশেষতঃ আনন্দ বা বিজয় উতসৱ আদিত পালন কৰা হয়|
A device with an explosive that burns at a low rate and with coloured flames; can be used to illuminate areas or send signals etc.
- খাৰলিkhāraliNoun
বটা সৰিয়হত লোণ আৰু খাৰণি মিহলাই কৰা এবিধ ভাতৰ লগত খোবা চাটনি
a kind of sauce made of powdered mustard mixed with salt and solution of potash
- খাৰলি-পাতkhārali-pātaNoun
আগ কটা কলা-পাত
a plantain leaf with the top end cut off
- খাৰিkhāriNoun
কৰ; হাত-ভৰি আদিত ঘঁহনি খাই কাঠ বন্ধা; চিন; যেনে-"এষে খাড়ী বান্ধিলেক সেহি কৰতল" (বিৰাটপৰ্ব্ব)
a corn
- খাৰুkhāruNoun
হাতত মেৰাই পিন্ধা এবিধ অলঙ্কাৰ; কঙ্কণ
a bracelet
- খাৰুবাkhārubāAdjective
খাৰ-মিহলি; খাৰে ধৰা; যেনে-"খাৰুবা পানী বা মাটি।"
- খাৰুৱা তেলkha.ru.wa telMaterial Noun
কলা বা ডাঠ মাটি ৰঙৰ জৈৱ পদাৰ্থৰ পৰা সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক তেল৷
a dark oil formed from fossilified organic matter and accumulated in porous rocks consisting mainly of hydrocarbons