কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আমঠা-আমঠিVerbal Noun
কোনো ঠাইলৈ বা কোনো মানুহৰ আগলৈ যাবলৈ লাজ বা ভয় কৰি আগ-পাচ হোৱা বা মুখ লৰোৱা কাৰ্য ৷
hesitation about going to a certain place or before a certain person.
- আমদানি কৰ্am.da.ni korVerb-Trans.
বেলেগ দেশ বা অঞ্চলৰ পৰা সামগ্ৰী অনা
to transport a product from another country or area
- আমদেদেৰা খাVerb root
দেদেৰা খা।
- আমনি দেa.mo.ni deVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- আমন্ত্ৰণ কৰ্a.mon.tron korVerb-Trans.
কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।
to request (spoken or written) to participate or be present or take part in something.
- আমুওৱাaamuowaVerbal Adj.
বহু সময় কষ্টকৰ কাম কৰাৰ পাচত ভাগৰ আৰু আমনি লগা
tired and bored, usually because you have had too much of something
- আমুবাāmubāTransitive verb
মুখত বেয়া লাগ্; হেঁপাহ নাইকিয়া হ; খাবলৈ বেয়া লাগ্; ভোগ কৰিবলৈ অনিচ্ছা হ
to satiate
- আমুৱাa.muwaVerb-Trans.
to satisfy appetite by eating a lot
- আমূলāmūlaAdverb
মূল পৰ্য্যন্ত; ; সম্পূৰ্ণৰূপে
up to the root ; completely
- আমেজ লa.mej loVerb-Intran.
কোনো ঘটনা দেখি-শুনি আমেজ ল
Experience or take the pleasure in
- আমোদ দেa.mo`d deVerb-Trans.
প্ৰফুল্লিত কৰ্ বা হাঁহিৰ খোৰাক যোগা
To entertain or to cause to smile
- আমোলাāmolāNoun
কোনো আদালত বা কাৰ্য্যৰ ঠাইত কাকতী বা লিখা-পঢ়া কাম কৰা কৰ্ম্মচাৰী; কেৰাণী
a clerk; a ministerial officer
- আলগকৈa.log.koiAdverb
Distinctly different parts or units
- আলগতেAdverb
দূৰতে; স্পৰ্শ নকৰাকৈ।
- আলগা
অনাবশ্যক; আবশ্যক নথকা; অদৰ্কাৰী
unnecessary
- আলগেAdverb
আঁতৰাই; লগৰ আন বস্ত্তৰপৰা দূৰকৈ; পৱথকে; বেলেগে
separately; apart
- আলচ্Transitive verb
পৰামৰ্শ কৰ্; লোকৰ মত বা উপদেশ সোধ্
to consult about
- আলতুলকৈal.tul.koiAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- আলফুলকৈal.phul.koiAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.
- আলফুলেal.phu.leAdverb
অলপীয়াকৈ আৰু লাহে লাহে
In a manner that is pleasing to the senses; with low volume.