কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গলবস্ত্ৰgalabastraAdjective; Noun
অনুনয়-বিনয় কৰিবলৈ ডিঙিত কাপোৰ মেৰিয়াইছে।
- গলবিচনীgol.biso.niAbstract Noun
গাই বলধ আদিৰ ডিঙিৰ তলত ওলমি থকা মাংসযুক্ত বিচনীৰ দৰে ছাল ৷
the fleshy skin under the throat of an ox or cow.
- গলবেৰাgol.be.raAbstract Noun
ডিঙিৰ শ্বাস নলীত উৎপত্তি হোৱা এবিধ সংক্ৰামক ৰোগ ৷ এই নৰিয়াত ডিঙি আৰু টনচিল গ্ৰন্থি ফুলি উঠাৰ লগে লগে পাতলিয়াকৈ জ্বৰ হয় ৷ লগতে ডিঙি আৰু নাক চমচমাই থাকে ৷
Diphtheria is a neck disease, the upper respiratory tract illness characterized by sore throat, low fever, and an adherent membrane on the tonsils, pharynx, and/or nasal cavity. It is caused by Corynebacterium diphtheriae, an aerobic Gram-positive bacterium. It is a contagious disease spread by direct physical contact or breathing the aerosolized secretions of infected individuals.
- গলমণিকাgalamaṇikāNoun
মণিৰ নিচিনাকৈ ডিঙিত ৰঙা আঁচ এটা মেৰ খাই থকা এবিধ ভাটৌ
a species of parrot having a red ring round its neck
- গলহেঙেৰাgol.he.nge.raAbstract Noun
ডিঙিৰ শ্বাস নলীত উৎপত্তি হোৱা এবিধ সংক্ৰামক ৰোগ ৷ এই নৰিয়াত ডিঙি আৰু টনচিল গ্ৰন্থি ফুলি উঠাৰ লগে লগে পাতলিয়াকৈ জ্বৰ হয় ৷ লগতে ডিঙি আৰু নাক চমচমাই থাকে ৷
Diphtheria is a neck disease, the upper respiratory tract illness characterized by sore throat, low fever, and an adherent membrane on the tonsils, pharynx, and/or nasal cavity. It is caused by Corynebacterium diphtheriae, an aerobic Gram-positive bacterium. It is a contagious disease spread by direct physical contact or breathing the aerosolized secretions of infected individuals.
- গলাgalāTransitive verb
তপতাই বা তিয়াই জুলীয়া কৰ্; পমা; দ্ৰব কৰ্
to cause to be melted; dissolve
- গলা-গলিgalā-galiNoun
এজনে আনজনৰ কানত ধৰা-ধৰি কৰা কাৰ্য্য; যেনে-"কুটুম্বে কুটুম্বে কান্দে গলাগলি কৰি" (মা. ক. সুন্দৰাকাণ্ড)
the act of embracing
- গলা-ৰবgalā-rabaNoun
গলা-গোপা; কথা-বতৰা; যেনে-"হেন গলাৰবঃ শুনায়া মাধবঃ চলি যাস্ত ধীৰে ধীৰ" (ৰুক্মিণী-হৰণ)।
- গলাকটাAbstract Noun
মূৰ কাটি পেলোৱা কাৰ্য
the act of cutting or seperating the head from rest of the body.
- গলাগলিgo.la.go.liVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.
- গলাগোপাgalāgopāNoun
মুখৰ ভিতৰতে সৰু সৰুকৈ কোবা কথা-বাৰ্ত্তা; গোপনে কৰা আলচ বা পৰামৰ্শ
a secret conversation or consultation
- গলাধঃকৰণgo.la.dhoh.ko.ronVerbal Noun
ডিঙিৰে (কোনো খাদ্য) গিলা কাৰ্য্য
the act of taking (something) into the stomach by drawing through the throat
- গলাবন্ধাgo.la.bon.dhaMaterial Noun
ডিঙিত মেৰাই লোৱা এবিধ ঠেক দীঘল কাপোৰ ।
wrap or scarf worn for warmth
- গলাবানgalābānaNoun
ডিঙিত মেৰিওবা গৰম কাপোৰ
comforter
- গলাবান্ধgo.la.bandhMaterial Noun
ডিঙিত মেৰাই লোৱা এবিধ ঠেক দীঘল কাপোৰ ।
wrap or scarf worn for warmth
- গলাৰাওgalārāoNoun
লোকৰ শপনিঃ দোষাৰোপঃ বদনাম; কেলেঙ্কাৰি
a calumny; a blame; detractory criticism
- গলিgo.liAbstract Noun
প্ৰধান পথৰ পৰা ফাটি যোৱা সৰু পথ৷
A private small lane, or one opening out of the usual road.
- গলিয়াgaliẏāTransitive verb
গাল মাৰ্; এমুঠি এমুঠিকৈ মুখত সুমা
To put into the mouth by handfulls
- গলিয়া-গলিgaliẏā-galiNoun
এজনে আনজনক গালি পৰা কাৰ্য্য; পৰস্পৰ গালি পৰা-পৰি কৰা কাৰ্য্য
the act of abusing one another
- গলিয়াপাটgaliẏāpāṭaNoun
নাবৰ আগ-টিঙৰ নামনিত মানুহ বহিবলৈ পথালিকৈ লগাই দিয়া পাট
a wooden plank placed across the prow of a boat