কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জেঠুবাjeṭhubāAdjective
জেঠ মাহত ওপজা বা উৎপন্ন হোবা
produced or born in the month of Jyaistha
- জেঠুৱাje.thu.waProper Adj.
জেঠ মাহত হোৱা বা ওপজা ৷
born or produced in the month of Jeth.
- জেদীje.diProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- জেপজেইপাProper Adj.
পানী বা তেলত তিতি থকা
soaked in water or oil
- জেপেটীয়াAdjective
জেপ্জেপীয়া।
- জেপ্জেপীয়াjepjepīẏāAdjective
তিতি বা সেমেকা লেপা হোবা; লেপলেপীয়া
sticky; of a soft consistency
- জেলজেলীয়াjelajelīẏāAdjective
জালৰ নিচিনা পাতল, সেৰেঙা (কাপোৰ)
flimsy and thin like a net (said of a cloth)
- জেলাই-লাইjelāi-lāiAdjective
জেল-জেলীয়া।
- জেলুকীয়াAdjective
অলপকৈ তিতি থকাৰ বাবে জেলুকৰ গাৰ দৰে পিছল হোবা; জেকা আৰু পিছল
damp and slippery
- জেৰবাৰjerabāraAdjective
হায়ৰাণ; হাৰাশান্তি; যেনে-"মোকৰ্দ্দমাত জেৰবাৰ হ'লোঁ"
harassed; greatly troubled
- জেৰীয়াjerīẏāAdjective
পাক লগা; মেৰ খোবা; এৰুবাৰ নোবৰা
entangled; complicated; difficult to separate
- জেৰেপাjerepāAdjective
আঁহবিলাক পৰস্পৰে মেৰ খাই থকাৰ বাবে বেগতে ফালিবলৈ টান (কাঠ)
cross-grained and difficult to split (said of wood)
- জৈনjainaAdjective
জিন নামেৰে এজন ধৰ্ম্ম গুৰুৰ মতত চলা
following the doctrines of the Jaina sect
- জৈৱjoi.boProper Adj.
প্ৰাণ অথবা জীৱ থকা; নমৰা|
Having life; living; existing; not dead or lifeless.
- জৈৱিকjoi.bikProper Adj.
জীৱৰ পৰা আহৰণ কৰা অৰ্থাৎ জীৱৰ সৈতে সম্পৰ্ক থকা
Of, relating to, or derived from living organisms
- জৈৱিক অবিভংগনীয়joi.bik o.bi.bhong.go.ni.yoProper Adj.
জীৱৰ দ্বাৰা সংঘটিত বিক্ৰিয়াৰ জৰিয়তে গেলি-পচি যাব নোৱাৰা
incapable of decaying through the action of living organisms
- জৈৱিক বিভংগনীয়joi.bik bi.bhong.go.ni.yoProper Adj.
জীৱৰ দ্বাৰা সংঘটিত বিক্ৰিয়াৰ জৰিয়তে গেলি-পচি যাব পৰা।
capable of decaying through the action of living organisms.
- জোঁট লগাjo`~t lo.gaVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- জোঁটাশলীয়াjom̐ṭāśalīẏāAdjective
কোনো কাৰ্য্য বা ব্যবসায় কৰিলে লগ বন্ধা
forming a partnership
- জোখাjokhāNoun
উচিত পৰিমাণ; ভাগ; গুণ
part; proportion