কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অন্যোন্যেo.nyo`.nyeAdverb
দুই বা ততোধিক সংখ্যক ব্যক্তি বা প্ৰাণীৰ মাজত প্ৰতিটোৱে আনটোৰ সৈতে কৰা, অভিজ্ঞতা লভা বা ধাৰণ কৰাৰ দৰে
in the manner that possessed, experienced, performed, etc., by each of two or more with respect to the other
- অনৰ্গলৰূপেo.nor.gol.ru.peAdverb
খোকোজা নলগাকৈ অনৰ্গল কৈ থকা বিষয়ক৷
Spoken or written with ease or without hesitation.
- অনৰ্থকAdverb
অবাবত; এনেয়ে; অকাৰণত; নিছাতে; . বিণ. অবাব; অকাৰণ; লাভ নথকা; উদ্দেশ্য সাধন নকৰা; অৰ্থ নথকা
without any cause, purpose or gain ; groundless; useless; aimless; meaningless
- অনৱকাশVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- অনৱৰতo.no.wo.rotAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- অপ-ব্যৱহাৰo.po-byo.wo.harVerbal Noun
অশুভ বা বেয়া উদ্দেশ্যত ব্যৱহাৰ
Use for a wrong purpose
- অপকেন্দ্ৰিকo.po.ken.drikVerbal Adj.
কেন্দ্ৰৰ পৰা পৰিধিৰ অভিমুখে আঁতৰি যাব খোজা
moving or directed outward from the center
- অপক্ষয়opo.khyoyVerbal Noun
gradual loss in quality due to long use
- অপছন্দ কৰ্o.po.sond korVerb-Trans.
কাৰোবাক বা কিহবাক অতিকৈ বেয়া পা৷
the hate or dislike something or someone
- অপত্য- নিৰ্ব্বিশেষে, অপত্য-নিৰ্বিশেষেAdverb
সন্তানৰ লগত কোনো ভেদ নাৰাখি
like one's own child
- অপদস্থo.po.dos.thoVerbal Adj.
যাক কটু কথা শুনাই বা বেয়া ব্যৱহাৰ কৰি লাজত পেলোৱা হৈছে
Treated, mentioned, or spoken rudely to make someone shameful
- অপদস্থ কৰ্o.po.dos.tho korVerb-Trans.
কোনো ব্যক্তিৰ সন্মান বা মহত্ব লাঘৱ কৰ্
to lower the dignity or respect of someone
- অপদস্থকৰণo.po.dos.tho.ko.ronVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- অপনোদনo.po.no`.donVerbal Noun
কোনো কথা বা কামৰ অস্বীকাৰ কৰা কাৰ্য্য |
Something, such as an argument, that refutes someone or something.
- অপপ্ৰেৰণা দেo.po.pre.ro.na deVerb-Trans.
বেয়া কাম কৰিবলৈ উত্সাহ দে
to encourage or assist in an offence or offender
- অপবাদ দেo.po.bad deVerb-Trans.
speak ill of someone to destroy his or her reputation
- অপবাহীo.po.ba.hiVerbal Adj.
সংবেদন পৰিবহন কৰা, যাৰ ফলত কোনো অংগ লৰচৰ হয়, যেনেঃ এক প্ৰকাৰৰ স্নায়ু
conveying an impulse that results or tends to result in motion, as a nerve
- অপমান পাo.po.man paVerb-Intran.
লজ্জা অনুভৱ কৰ্
to be abashed; to feel ashamed or embarrassed
- অপমান বোধ কৰ্o.po.man bo`dh korVerb-Intran.
লজ্জা অনুভৱ কৰ্
to be abashed; to feel ashamed or embarrassed
- অপমৃত্যুo.po.mri.tyuVerbal Noun
অস্বাভাৱিক কাৰণ, যেনেঃ দুৰ্ঘটনা আদিৰ পৰা হোৱা মৃত্যু
death occurring not due to natural causes