কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দড়দড়িdaṛadaṛiAdverb
ভয় বা কোনো কাৰণত উধাতু খাই বেগাই বেগাই যোবা; যেনে-"ফোঁপাই আসে দড়দড়ি" (শ্ৰীৰাম-কীৰ্ত্তন)
swiftly
- দঢ়াdaṛhāTransitive verb
সতৰ্ক কৰি ডাঠি উপদেশ দি; ভৰ দি ক বা আদেশ দি
to caution; to warn; to speak emphatically
- দঢ়াই কVerb-Trans.
স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।
To declare or state clearly.
- দয়া কৰিdo.ya ko.riAdverb
দয়াৰ চিন স্বৰূপে কৰা
done with a kind disposition
- দৰ কৰdor korVerb-Trans.
কণীযুঁজত দুই খেলুৱৈয়ে কণীযুঁজাবলৈ সিদ্ধান্ত ল৷
to agree on to play the game of cracking egg (in koni juj( egg cracking), played in Assam during Bihu time).
- দৰ লগাdara, lagāTransitive verb
গতি লগা; যেনে হ'ব লাগে তেনে কৰ্ (প্ৰায় শান্তি অৰ্থাৎ বেয়া ভাবত)
to deal with fittingly
- দৰ-ভাও কৰ্dor-bhao`` korVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- দৰকাৰ হdor.kar hoVerb-Trans.
কোনো কামত লগা বা প্ৰয়োজন হোৱা
to have the want or requirement of
- দৰখাস্ত কৰ্dor.khas.to korVerb-Trans.
আনুষ্ঠানিকভাৱে বা নিয়মানুসৰি কিবা অনুৰোধ কৰ্
to request something officially or according to the rules
- দৰদাম কৰ্dor.dam korVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- দৰদৰিdaradariVerb
হিণ. লৰালৰিকৈ; শীঘ্ৰে; যেনে-"আকাশৰ পথে গৌৰীনাথ গৈল লৰি। বিষ্ণুৰ পুৰীক আণ্টাইলেক দৰদৰি" (কীৰ্ত্তন)
quickly
- দৰমহা দেdor.mo.ha deVerb-Trans.
কোনো সেৱাৰ বাবে টকা বা ধন দে
pay money as a cost of a service acquired
- দৰশিতdaraśitaAdverb
দৰ্শনত; . যেনে -"দৰশিত সুন্দৰ গৌৰ কলেবৰ যৈচন সূৰ-পৰকাশ"।
as is seen
- দৰাdarāNoun
মাছ ধৰা বানৰ পাছফালে পোতা ঠেকা
a prop behind the fence put across a stream to catch fish
- দৰিয়াপ কৰdo.ri.yap korVerb-Trans.
কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে সতৰ্কতাৰে চিন্তা কৰা
to think carefully about, esp. in order to make a decision
- দৰেdareAdverb
নিচিনা; প্ৰকাৰে; ৰকমে; ৰূপে
in the manner of; in the likeness of or resembling
- দৰ্পেৰেdor.pe.reAdverb
অতিপাত গৰ্ব্ব বা অহংকাৰ কৰি।
with excessive pride or vanity.
- দৰ্শাTransitive verb
দেখুবা; প্ৰকাশ কৰ্
to show
- দৰ্শায়ত্ৰীdor.xa.yo.triVerbal Adj.
যি দেখুৱায় বা প্ৰদৰ্শন কৰে
one who shows or exhibits
- দৰ্শ্darśIntransitive verb
দেখা হ; দেখা দি; যেনে-"তাৰপৰা একো ফল নদৰ্শে"
to appear, as a result; to be seen