কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আপত্তি কৰ্a.pot.ti korVerb-Intran.
অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ কৰা
to express of dissatisfaction or unhappiness
- আপদ চোঁচৰাa.pod so`~.so.raVerb-Intran.
আগন্তুক বিপদৰ কথা আগতীয়াকৈ কৈ দুৰ্ভাগ্য চপাই ল
to bring in misfortune by foreboding it
- আপদাহap.dahVerbal Noun
কোনো কাৰ্য্যৰ প্ৰতি আইন-সঙ্গত ভাৱে দায়বদ্ধ হৈ থকা অৱস্থা
The social force that binds you to the courses of action demanded by that force; the state of being legally obliged and responsible.
- আপনহুৰেāpanahureAdverb
নিজ জ্ঞানে; নিজৰ আকল ৰাখি; যেনে-"লবা হৰি নাম সাতো পাঞ্চে হুয়া সাজু। আপনহৰে পলাই যাবে কাল-মায়া- বাজু" (নামঘোষা)।
- আপাত-দৃষ্টিতa.pa.to-dris.titAdverb
Appearing as such but not necessarily so
- আপাততঃāpātataḥAdverb; Indeclinable
সম্প্ৰতি; এতিয়া; ঘটনা কালত
now; at the present moment; for the time being
- আপাদāpādaNoun
সমস্ত ভৰি; যেনে-"আপাদ পৰ্য্যন্ত বনমালা মনোহৰ" (
- আপাদ মস্তকa.pad mos.tokAdverb
মূৰৰ পৰা ভৰিৰ আঙ্গুলি পৰ্য্যন্ত|
At all points from head to toe/foot.
- আপামনVerb-Trans.
কোনো ধাতুৰ গুণাগুণ পৰীক্ষা কৰ্
to test the quality of a metal.
- আপামৰāpāmaraAdverb
পামৰ পৰ্য্যন্ত; ভাল-বেয়া সকলোবেই।
- আপেক্ষিকভাৱেa.pe.khyik.bha.beAdverb
দুটা বিষয়ৰ তুলনাৰ জড়িয়তে আগবঢ়োৱা মন্তব্য বিষয়ক ৷
in a relative manner; by comparison to something else.
- আপোচ কৰ্a.po’s korVerb-Trans.
মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷
to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties.
- আপোন ঘাতa.po`n ghatVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself
- আপোন বধa.po`n bodhVerbal Noun
নিজক হত্যা কৰা কাৰ্য্য
the act of killing oneself
- আপোনা-আপুনিāponā-āpuniAdverb
স্বয়ং; নিজক নিজে; আনৰ সহায় নলৈ
of one's own accord
- আপ্লাৱিতa.pla.bi.toVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- আফালāphālaNoun
বলেৰে নিক্ষেপ কৰা; এছাৰ মাৰি বলেৰে পেলাই দিয়া কাৰ্য্য; খুন্দা মাৰি আঘাত কৰা
the act of throwing off violently
- আফাল্Verb-Trans.
to hit with violence and often with a crashing sound, as by striking, letting fall, or dashing against something
- আবণ্টনa.bon.tonVerbal Noun
কোনো নিয়ম অনুসৰি অথবা কোনো বিশেষ কাৰণত বিলাই দিয়া কাৰ্য্য
distribution according to a plan or setting apart for a special purpose
- আবণ্টন কৰ্a.bon.ton korVerb-Trans.
কোনো আঁচনি বা নিয়ম অনুসৰি বিতৰণ কৰ্ বা ভগাই দে
to distribute according to a plan; to set apart for a special purpose