কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাতী-পোকhātī-pokaNoun
মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্ত্ত চুটি বগা বৰণৰ পোক
a kind of big worm living under ground
- হাতী-ভেঁকুৰীha.ti-bhe~.ku.riCommon Noun
এবিধ ভেঁকুৰীৰ নিচিনা, কিন্তু তাতকৈ ডাঙৰ গছ৷
Solanum torvum, is a bushy, erect and spiny perennial plant used horticulturally as a rootstock for eggplant. Grafted plants are very vigorous and tolerate diseases affecting the root system, thus allowing the crop to continue for a second year. The plant is usually 2 or 3 m in height and 2 cm in basal diameter, but may reach 5m in height and 8 cm in basal diameter. The shrub usually has a single stem at ground level, but it may branch on the lower stem. The stem bark is gray and nearly smooth with raised lenticels.
- হাতী-ভেকুৰিhātī-bhekuriNoun
ভেকুৰি গছ [ইয়াৰ গছ-পাত হাতীয়ে খায়।]
a kind of thorny plant and its fruit; Slanum torvum
- হাতী-লেটেকুhātī-leṭekuNoun
এবিধ বৰ ডাঙৰ লতা [লেটেকুৰ নিচিনা থোপা- থোপে গুটি ধৰে; তাক থোবা যায় কিন্ত্ত অলপ অলপ খজুবায়।]।
- হাতী-শুঁৰীয়াhātī-śum̐rīẏāAdjective
হাতীৰ শুঁৰৰ গঢ়ৰ বা নিচিনা
resembling the tusk of an elephant
- হাতী-হিমেজুhātī-himejuNoun
বলিয়াতিওবা হাতীৰ কাণসতাৰপৰা ওলোবা এবিধ ৰস; বীৰ্য্য
the fluid flowing from the temples of an elephant in rut
- হাতী-ৰখীয়াha.ti-ro.khi.yaCommon Noun
হাতীক প্ৰশিক্ষণ দিয়া আৰু চলোৱা ব্যক্তি।
a person who trains and drives an elephant.
- হাতীনাhātīnāNoun
ভাতী; ধাতুৰ বস্ত্ত গঢ়া শালৰ জুইত বায়ু লগোবা যতন।
- হাতীপটিhātīpaṭiNoun
হাৰিৰ মাজৰ হাতীয়ে চলাচল কৰা বাট
a track of elephant in jungle
- হাতীশালha.ti.xalMaterial Noun
হাতী বন্ধা অথবা ৰখা ঠাই ।
A stable for housing elephants.
- হাতুৰীhāturīNoun
কোনো বস্ত্ত হাতেৰে পিটিবলৈ বা মৰিয়াবলৈ নাল লগাই লোবা এডোখৰ লো বা কাঠ
a hammer
- হাতেজমাAbstract Noun
সকলো জমা-খৰচৰ হিচাপ কৰাৰ পাছত হাতত থকা ধন
the remaining sum after all credits and debits are taken into account
- হাতোবাহhātobāhaNoun
এখন-হাতেৰে ধৰি কাঠ আদি ফলা বা কটাত ব্যবহাৰ কৰা চাঁচৰ আকাৰৰ (পথালিমুখীয়া) কিন্ত্ত তাতকৈ সৰু আৰু চুটি নালেৰে এবিধ লোৰ অস্ত্ৰ
a hatchet
- হাতোৰাhātorāNoun
জন্ত্তৰ আগ-ঠেঙৰ আঁঠুৰপৰা ভৰিৰ পতা, আঙুলি আৰু নখে সৈতে সেইছোবা
the claw or forepaw of a beast of prey
- হাতৰ আখৰha.tor a.khorAbstract Noun
কলম, পেঞ্চিল আদিৰে হাতেৰে লিখা গদ্য/পদ্য
texts written by hand using a writing device
- হাতৰ মলিha.tor mo.liCommon Noun
অনায়াসে উপাৰ্জন কৰিব পৰা বস্তু, তুচ্ছ বা সামান্য বস্তু
Any thing earned without much effort, insignificant thing
- হাতৰ সৰু গাঁঠিha.tor xo.ru ga~.thiMaterial Noun
হাতৰ সৰু গাঁঠী
The joint between the hand and the forearm
- হাতৰ ৰেখাha.tor re.khaMaterial Noun
ভাল-বেয়া কপালৰ ইঙ্গিত দিয়া হাতৰ তলুৱাৰ আঁক-বাঁকবোৰ
the lines on the palm of hands indicating good or bad fortune
- হাদংha.dongCommon Noun
ডিঙিত এটা মোনা ওলমি থকা এবিধ ডাঙৰ চৰাই । বগলীসদৃশ দীঘল ঠেঙৰ এজাতি চৰাই । পূৰ্বতে দক্ষিণ এচিয়া মহাদেশৰ <b>পাকিস্তান, ভাৰত, পূৱ শ্ৰীলঙ্কাৰ</b> পৰা <b>মালয়েচিয়াৰ বৰ্ণিয়লৈকে</b> বিয়পি আছিল । কিন্তু এতিয়া মাত্ৰ <b>অসম</b> আৰু <b>কম্বোদিয়াতহে</b> পোৱা যায় । শীতকালি ইহঁতে দক্ষিণৰ পৰা <b>ভিয়েটনাম, থাইলেণ্ড</b> আৰু <b>ম্যানমাৰ</b>লৈ পৰিভ্ৰমণ কৰে ।<br>হাড়-গিলা ১৪৫-১৫০ ছে.মি.লৈকে ওখ আৰু ২৫০ ছে.মি. পৰিধিৰ ডেউকাৰে এটা ডাঙৰ জাতৰ চৰাই । শাৰীৰিক ওজনৰ কোনো সঠিক অভিলেখ পোৱা নেযায় যদিও সম্ভৱত বগলীবিলাকৰ ভিতৰত ই আটাইতকৈ ডাঙৰ । ইয়াৰ দেহৰ ওপৰ অংশ আৰু ডেউকা সাধাৰণতে ক’লা হয় । কিন্তু পেট আৰু ফিছাৰ তলৰ অংশ ধূসৰ বগা হোৱা দেখা যায় । শগুণৰ দৰে মূৰটো টকলা আৰু কমলা ৰঙৰ । ঠোঁটটো শকত দীঘল আৰু হালধীয়া ৰঙৰ ।</br>হাড়-গিলাই প্ৰায়বোৰ বগলী জাতৰ চৰাইৰ দৰে ডিঙিমেলি উৰি নেযায় । বৰঞ্চ ডিঙি কোঁচাইহে উৰে ।</br>হাড়-গিলাৰ বংশবৃদ্ধি সাধাৰনতে বিষুবীয় অঞ্চলৰ জলাশয়ৰ দৰে ঠাইত হয় । ই ওখ গছৰ ওপৰত গছৰ ডাল আদিৰে বাহ সাজি এবাৰত <b>২-৪</b> টালৈকে কনী পাৰে । কনীৰ পৰা পোৱালী জগিবলৈ প্ৰায় ২৮-৩০ দিন সময় লাগে । </br>হাড়-গিলাই ভেকুলী, ফৰিং, জ়েঠী, মৰা জীৱ-জন্ত আদিকে ধৰি গেলা-পঁচা বস্তুলৈকে ভক্ষন কৰে । বাহ সজাৰ উপযুক্ত ঠাই, খাদ্যৰ অভাৱ, প্রদূষণ আদিৰ উপৰি চিকাৰ আৰু কণী সংগ্ৰহৰ বাৱে হাড়-গিলাৰ সংখ্যা দ্ৰুত হাৰত কমি গৈছে । বৰ্তমানে ইয়াৰ সংখ্যা ১০০০ ৰো কম হ’ব বুলি ধাৰণা কৰা হৈছে।
Large mostly Old World wading birds typically having white-and-black plumage</br>The <b>Greater Adjutant</b>, <i>Leptoptilos dubius</i>, is a large wading bird in the stork family Ciconiidae. It formerly bred in <i>southern Asia from Pakistan and India, Sri Lanka east to Borneo</i>, but is now restricted to two separate small breeding populations; in <b>Assam</b> and <b>Cambodia</b>. In winter, this species migrates south to Vietnam, Thailand and Myanmar.</br>This is a huge bird, typically 145-150 cm (57-60 in) tall with a 250 cm (99 in) wingspan. There are no records of the weight of wild birds, but they may be the heaviest species of stork. Its upper body and wings are black, but the belly and undertail are off-white or pale grey. The pink head and neck are bare like those of a vulture. The yellow bill is long and thick. Juveniles are a duller version of the adult. </br>Most storks fly with neck outstretched, but the three <i>Leptoptilos</i> species retract their neck in flight like a heron. </br>The Greater Adjutant breeds in tropical wetlands. It builds a stick nest in trees and lays 2-4 eggs which are incubated by both parents for 28-30 days to hatching. It often forms small colonies. </br>The Greater Adjutant, like most of its relatives, feeds mainly on frogs and large insects, but also young birds, lizards and rodents. It will also eat carrion, for which its bare head and neck is an adaptation, and will feed in human refuse dumps. </br>Loss of nesting habitat and feeding sites through drainage, pollutions and disturbance, together with hunting and egg collection has caused a massive decline in the population of this species. The current population is estimated at less than 1,000.
- হাদামhādāmaNoun
দ'মাই থোবা বস্ত্ত
a heap