কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আখ্য়ানমূলকতাAbstract Noun
আখ্যানমূলক লেখাক অ-আখ্যানমূলক লেখাৰ পৰা পৃথক কৰা বৈশিষ্ট্য বা বৈশিষ্ট্যৰ গোট ইয়াক আখ্যানমূলকতা বুলি জনা যায়৷
a characteristic or group of characteristics that separates narrative writing from non-narrative writing: This is known as narrativity.
- আখ্ৰোটākhroṭaNoun
এবিধ হাবিত হোবা ডাঙৰ গছ আৰু তাৰ বাদামৰ নিচিনা ঘূৰণীয়া গুটি
the walnut tree and its fruit; Juglans Regia
- আখৰākharaNoun
অক্ষৰ; বৰ্ণ; লিখা চিন
a letter of the alphabet
- আখৰ-জোঁটনিNoun
আখৰ জোঁটাই বা লগ লগাই শব্দ লিখা
composition of words from letters
- আখৰাākharāNoun
গাব-বজাবলৈ বা ডাওনা আদি কৰিবলৈ কৰা অভ্যাস
rehearsal
- আখৰুবাকৈVerb; Noun
আখৰেৰে (অঙ্কন সলনি); আখৰৰ দ্বাৰা
in letters (as opposed to figures)
- আখৰোটakh.ro`tProper Noun
এটা টান খোলা আৰু ওখোৰা-মোখোৰা উপৰিভাগেৰে সৈতে এবিধ সামান্যভাৱে তিতা সোৱাদ-যুক্ত ফল বা তাৰ গছ।
a slightly bitter-tasting nut with a series of folds in it and a hard shell, or (the expensive light brown wood from) the tree that produces these nuts.
- আগāgaNoun
সম্মুখ; সম্মুখৰ কাল
the front
- আগ ভৰাag bhoraAbstract Noun
আগফাল গধুৰ হৈ বহি যোৱা৷
to be over-loaded on the front part.
- আগ-গুৰিNoun
আঁতি-গুৰি; আদি-অন্ত; গুৰি-গোষ্ঠী; সবিশেষ বিবৰণ।
origin; particulars
- আগ-চাংāga-cāmNoun
চাংঘৰৰ আগমূৰে নেবেৰি মুকলিকৈ ৰখা ভাগ
the verandah or open portion of a house on a chāng
- আগ-চালিāga-cāliNoun
দুয়াৰ মুখত বা ঘৰৰ আগকালে বঢ়াই দিয়া চাল; কাঁথি
a verandah; a projection of a roof of a house
- আগ-চূলিāga-cūliNoun
মূৰৰ আগ-কালৰ চুলি; কপালৰ ওপৰৰ চুলি
fore-lock
- আগ-ছোৱাag-so`.waMaterial Noun
ক্ষীণ আৰু জোঙা শেষৰ অংশ, বিশেষকৈ যিকোনো দীঘলীয়া আৰু জোঙা বস্তুৰ।
a slender or pointed end or extremity, esp. of anything long or tapered.
- আগ-টিংag-tingMaterial Noun
নাও বা জাহাজৰ একেবাৰে আগৰ অংশ।
the forepart of a ship or boat.
- আগ-ঠেংag-thengMaterial Noun
চাৰিঠেঙীয়া জন্তু, পতঙ্গ আদিৰ সমুখৰ ফালে থকা যিকোনো এখন ঠেং।
one of the front legs of a quadruped, an insect, etc.
- আগ-দিয়াāga-diẏāNoun
বিয়াৰ অন্তত কৰা এটা অনুষ্ঠান [বিয়া হৈ গ'লে দৰা-কইনাই ঘৰৰ ভিতৰলৈ সোমাওঁতে দুবাৰ-মুখত খোবা এটা মাটিৰ চাকি গৰকি ভাঙে, তাৰ পাচত দুইকো ৰৰহুবাই দুইৰো মূৰত ঘটৰ পানী আৰু আৰৈ চাউল এজনী সধবা তিৰোতাই ছুটিযায় আৰু ঘিউৰ চাকিৰে আৰতি কৰে।]
a ceremony performed at the conclusion of a marriage
- আগ-ধনāga-dhanaNoun
কোনো বস্ত্তৰ মূল্য-স্বৰূপে বা কাম কৰিবৰ কাৰণে আগেয়ে দিয়া ধন; হাওলাত
cash advance
- আগ-পাছāga-pāchaNoun
কোনো কথাৰ ভাল-বেয়া সকলো ফাল; কোনো কাৰ্য্যৰ ভাল-বেয়া হ'ব পৰা সকলো গুণ; আগ-গুৰি
all the probable consequences of an act; pros and cons
- আগ-পিছag-pisAbstract Noun
কোনো কথা বা কামৰ সপক্ষে আৰু বিপক্ষে থাকিব পৰা যুক্তি বা বিবেচনাসমূহ
arguments or considerations for and against something