কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জীৱাণুশূন্যকৃতji.ba.nu.xu.nyo.kri.toVerbal Adj.
তাপ, ৰশ্মি, ৰাসায়নিক পদাৰ্থ আদি প্ৰয়োগ কৰি জীৱাণুমুক্ত কৰা
made free from microbes using heat, radiation, chemicals etc.
- জীৱিতji.bi.toProper Adj.
প্ৰাণ অথবা জীৱ থকা; নমৰা|
Having life; living; existing; not dead or lifeless.
- জুঁটুলি-পুঁতুলিju~.tu.li-pu~.tu.liProper Adj.
নফণিওৱা চুলি থকা
having uncombed hair
- জুই লগাAdjective
দুৰ্ভগীয়া
unlucky
- জুই-চাই দামৰjui.sai da.morProper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- জুই-ছাই
জুই আৰু ভষ্ম বা তেনেকুবা আন বস্ত্ত, যেনে-চাকি আদি
fire, lamp, etc.
- জুটীয়াjuṭīẏāAdjective
আন এজন বা কেইবাজনৰো লগত যোগ হৈ কৰা; যুটীয়া
joint
- জুটুলাjuṭulāAdjective
চুটি আৰু কেঁকোৰা-কেঁকুৰি (চুলি)
short and curly, as hair
- জুটুলা-চুলীয়াju.tu.la-su.li.yaProper Adj.
কেকোৰা-কেকুৰি চুলি থকা মূৰ৷
having curly hair
- জুটুলী-পুটুলীjuṭulī-puṭulīAdjective
চুটি-চাপৰ আৰু অপৰিচ্ছন্ন।
- জুঠাjuṭhāAdjective
অশুচি বা হীন (বস্ত্ত); উচ্ছিষ্ট।
- জুতিলগাju.ti.lo.gaProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- জুধাjudhāAdjective
পৱথক; স্বতন্ত্ৰ
different
- জুনীয়াjunīẏāAdjective
মুখত ভাল লগা বস্ত্ত বিচৰা; খোবা বস্ত্ত অলপো বেয়া হ'লেই অসন্তোষ পোবা
fastidious in eating
- জুন্জুনীয়াAdjective
জুন্ জুন্ শব্দ কৰা
rattling; tinkling
- জুপুৰাjupurāAdjective
জোপাৰ সদৱশ; চাপৰ আৰু ডাঠ ডালপাতেৰে ভৰি থকা
low and bushy (said of shrubs)
- জুপুৰীয়াjupurīẏāAdjective
জোপাৰ সদৱশ; চাপৰ আৰু ডাঠ ডালপাতেৰে ভৰি থকা
low and bushy (said of shrubs)
- জুমুৰীjumurīNoun
ঝুমুৰী।
- জুলীয়াjulīẏāAdjective
জোল বা পানীৰ নিচিনা; দ্ৰব
liquid
- জুলুকাjulukāAdjective
বিমৰ্ষ; বেজাৰত তল মূৰকৈ থকা
cheerless; dejected; downcast