কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দোৰোলিয়াTransitive verb
দুই তৰপ কৰ; মোকোটাই জাপ্
to double, as a cloth
- দোৱাবাৰdo`.wa.barAdverb
কোনো কামৰ একাংশ কৰাৰ পিছত প্ৰথমৰ পৰা আৰম্ভ কৰা
start or repeat a task from the begining after some part has already been completed.
- দৌৰ মাৰ্dour marVerb-Intran.
খৰকৈ আৰু বহলকৈ খোজ পেলাই তীব্ৰ গতিৰে যোৱা।
to move fast by placing the steps rapidly and far part.
- দৌৰা-দৌৰিকৈdo``u.ra-do``u.ri.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- দৌৰ্dourVerb-Intran.
খৰকৈ আৰু বহলকৈ খোজ পেলাই তীব্ৰ গতিৰে যোৱা।
to move fast by placing the steps rapidly and far part.
- দ্বন্দ্বdbandbaNoun
দুই; যেনে-"সিদ্ধ মুনিবৱন্দ" শাৰদ-বন্দিত যাকৰ এ পদ-দ্বন্দ্ব" (বৰগীত)
two
- দ্বাৰস্থ হdwa.ros.tho hoVerb-Intran.
সময় অথবা স্থানৰ পৰিবৰ্তন হৈ ওচৰলৈ/কাষলৈ আহ্ ৷
To come near or nearer, as in space or time.
- দ্বিতীয়তেdwi.ti.yo.teAdverb
দ্বিতীয় স্হানত
in the second place.
- দ্বিধাগ্ৰস্তভাৱেdwi.dha.gros.to.bha.beAdverb
ভয়, লাজ, দ্বিধা বা অনিচ্ছাৰ বাবে কিবা এটা কৰিবলৈ মন নকৰি বা দেৰি কৰি
with reluctantance or wait to act because of fear, shyness, indecision, or disinclination
- দ্বিধাবোধ কৰ্dwi.dha.bo’dh korVerb-Intran.
সন্দিহান হৈ ৰৈ দিয়া; কিং-কৰ্ত্তব্য-বিমূঢ় হৈ আগবাঢ়িব নোৱাৰা।
pause in doubt; unable to proceed becuase not sure what/how to do.
- দ্বিধাহীনভাৱেVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- দ্বিৰুক্তdwi.ruk.toVerbal Adj.
যিটো বাৰে বাৰে কোৱা হৈছে
which has been said or referred again and again
- দ্বৈৱক্ৰমেdoi.bo.kro.meAdverb
happens by chance in a surprising or remarkable way at the same time
- দ্ব্যৰ্থ কথা কdyor.tho ko.tha koVerb-Intran.
পোনপটীয়াকৈ সঁচা কথা নকৈ বিভ্ৰান্ত কৰিবলৈ ঘূৰাই-পকাই ক ।
Be deliberately ambiguous or unclear in order to mislead or withhold information.
- দ্ব্যৰ্থহীনভাৱেdwyor.tho.hin.bha.beAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.
- দ্যোতনাAbstract Noun
অসামান্য বা প্ৰণিধানযোগ্য হোৱা গুণ
the quality of being important and worthy of note
- দ্ৰবIntransitive verb
গল্; পম্; পমি পানী হ
to melt
- দ্ৰুতবেগেdru.to.be.geAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- দ্ৰুতভাৱেdrut.bha.weAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- দ্ৰৱীভূত কৰ্dro.wi.bhu.to korVerb-Intran.
জুলীয়া বস্তুৰ সৈতে মিহলাই দ্ৰৱ প্ৰস্তুত কৰ্; জুলীয়া বস্তুত মিহলাই দে
to make a solution of, as by mixing with a liquid; pass into solution