কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কিঞ্চিতমানkiñcitamānaAdjective; Pronoun
কিছু; অলপ; অলপমান
a little
- কিটাkiṭāIntransitive verb
শত্ৰুৰপৰা ভয় পাই নিজক ৰক্ষা কৰিবৰ কাৰণে যুগুত বা সষ্টম হ; আত্মৰক্ষা কৰিবলৈ অস্ত্ৰ লৈ সাবধান হ; যুদ্ধলৈ আহ্বান কৰ্; যেনে-"দেখি দৈত্য-কটক কিটাইলা" (কীৰ্ত্তন)
to be alarmed and be ready for self-defence against a foe; to challenge
- কিততেAdverb
কোনো হৈ যোৱা বা হ’ব লগীয়া ঘটনাৰ সময় সুধিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক অব্যয়
an interrogative adverb to ask the time at which an event took place or would take place
- কিনাki.naVerbal Noun
The act of buying something. Obtained by the payment of money or its equivalent
- কিনাৰে-কিনাৰেki.na.re-ki.na.reAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- কিনোতাki.no`.taVerbal Noun
যিয়ে ক্ৰয় কৰে ।
A person who purchase goods from another person, or shop, or from market.
- কিন্kinTransitive verb
বেচ দি বস্ত্ত ল; ক্ৰয় কৰ্; খৰিদ কৰ্
to buy, purchase
- কিন্কিনাIntransitive verb
একণ বা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ টোপাৰে পৰ্ (বৰষুণ); যেনে-"বৰষুণে কিন্কিনাইছে"
to drizzle
- কিন্কিনাkin.ki.naVerb-Intran.
তেনেই সৰু সৰু টোপালেৰে বৰষুণ পৰা৷
to rain in very small drops.
- কিবাপ্ৰকাৰেki.ba.pro.ka.reAdverb
কোনো এক অনিশ্চিত প্ৰকাৰে
In some unspecified way or manner; or by some unspecified means.
- কিমতেkimateAdverb
কিভাবে; কেনেকৈ; কি প্ৰকাৰে
how; in what manner
- কিমানkimānaAdjective
কি সংখ্যাৰ; কি পৰিমাণৰ
how much; how many
- কিলাki.laVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- কিলাকুটিৰে হেঁচোক্Verb-Trans.
বিশেষকৈ ভিৰৰ মাজত কাৰোবাক ঠেলা মাৰ, কিলাকুটিৰে হেঁচোক, বা খুন্দা মাৰ৷
push, elbow, or bump against (someone) roughly, typically in a crowd.
- কিসকkisakaAdverb
কি কাৰণে; যেনে-"কিসক কৰিল হেনমত অঙ্গীকাৰ" (মা., আদিকাণ্ড)
why; for what reason
- কিহৰ কাৰণেki.hor ka.ro.neAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কিহৰ নিমিত্তেki.hor ni.mit.teAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause
- কিয়kiẏaAdverb
কি বাবে; কি কাৰণে
why
- কিয়নোkiẏanoIndeclinable
কাৰণ; যি হেতুকে
because
- কিয়বাki.yo.baAdverb
কি উদ্দেশ্যত বা কিহৰ বাবে
For what purpose, reason, or cause