কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুৰণিphuraṇiNoun
মূৰ ঘূৰি থকা যেন বোধ; মস্তিষ্কৰ অসুখ; মূৰ-ঘূৰণি
giddiness of the head
- ফুৰাphurāTransitive verb
আনক ভ্ৰমণ কৰা
to cause to walk
- ফুৰাফুৰিVerbal Noun
এক চমু যাত্ৰা, বিশেষকৈ আনন্দৰ বাবে লোৱা যাত্ৰা৷
a short journey, especially one taken for pleasure.
- ফুৰালুংphu.ra.lungProper Noun
আহোমসকলে পালন কৰা পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি৷
An animistic religion followed by Ahom people of Assam. Most of the Ahoms later on accepted Hiduism as their religion.
- ফুৰুলিphuruliNoun
অনেকে একেলগে মৰা চিঞৰ বা আটাহ; কিৰিলি
simulteneous yell
- ফুৰুহাphuruhāNoun
এবিধ তৱণ
a kind of plant
- ফূৰ্ত্তিphur.tiAbstract Noun
আনন্দিত, আমোদিত বা সন্তুষ্ট হোৱা অৱস্থা
the state of joy, pleasure, satisfied.
- ফেঁচাphe~.saCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- ফেঁচুphe~.suCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফেঁচুলিকাphe~.su.li.kaCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফেঁচুলুকাphe~.su.lu.kaCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফেঁছphe~sCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফেঁটphe~tMaterial Noun
চাটিৰ দৰে কৰা খঙাল ফেঁটী সাপৰ মূৰৰ অংশ৷
the umbrella like gesture of an angry or frighten cobra.
- ফেঁটীphe.tiCommon Noun
মুৰত ফেঁট থকা/ফণা ধৰিব পৰা এবিধ অতি বিষাক্ত সাপৰ জাতি৷
Venomous hooded snake found in Asia and Africa
- ফেঁটী সাপphe~.ti xapCommon Noun
মুৰত ফেঁট থকা/ফণা ধৰিব পৰা এবিধ অতি বিষাক্ত সাপৰ জাতি৷
Venomous hooded snake found in Asia and Africa
- ফেঁহুphem̐huNoun
জন্ত্তৰ পোবালি জগা মাত্ৰেই খীৰোবা অলপ হালধীয়া গাখীৰ
the first milk drawn from an animal immediately after calving
- ফেঁহু চৰাইphe~.hu so.raiCommon Noun
এছিয়া মহাদেশত পোৱা এবিধ চৰাই৷ ই নীলা-ক’লা বৰণীয়া হয়, দীঘল নেজ থাকে আৰু চকুৰ আগফালে এটা বগা বিন্দু থকা দেখা যায়৷
An Asian bird characterized by glossy blue-black, forked long tail and a white spot in front of the eye.
- ফেঁহুজালিphem̐hujāliNoun
ফেচু চৰাইৰ প্ৰথমে মতা সময়; নিচেই পুবা
the early dawn
- ফেইছবুকpheis.bukProper Noun
অন্তৰ্জালৰ মাধ্যমেৰে সমূহীয়া ভাবে পুৰণি সামাজিক সম্বন্ধ, বন্ধুত্ব অটুত ৰাখিবলৈ আৰু নতুন সম্বন্ধ/বন্ধুত্ব সৃষ্টি কৰাত সহায় কৰা এটা ৱেবচাইট৷ ১৩ বছৰৰ ওপৰৰ লোক ইয়াৰ সদস্য হব পাৰে৷
a social networking website that helps developing e-relationship/friendship with new people and e-reuniting with people you already know. Launched in 2004, this site is operated and owned by Facebook, Inc. and its membership is open to anybody above 13 years of age.
- ফেউpheuNoun
বিৰক্তি বা ভয় প্ৰকাশ কৰা শিয়ালৰ মাত বা হোবা
pheu; a cry uttered by a jackal when in disgust or fear