কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উল্মুলাulmulāTransitive verb
মিঠা কথা কৈ মন ভুলা বা চঞ্চল কৰ্; চুক্চুকা; প্ৰবৱত্তি দি
to coax; to persuade by sweet words
- উল্লম্ফনul.lom.phonVerbal Noun
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet.
- উল্লাসullāsaNoun
আনন্দ; আমোদ; উলাহ; ৰং
delight
- উল্লেখ কৰ্ul.lekh korVerb-Trans.
পূৰ্বতে থকা বস্তু বা ঘটি যোৱা ঘটনা আদিক সংক্ষিপ্ত ৰূপত উদ্ধৃতি দিয়া ৷
Give reference to something already existing means.
- উল্লেখিতul.le.khi.toVerbal Adj.
আগেয়ে বা ওপৰত উল্লেখ কৰা বা লিখা
written or mentioned before or above
- উশাহ বন্ধ কৰ্u.xah bondh korVerb-Intran.
choke or kill by stopping breathing, esp. by pressure, fumes, etc, produce a choking or breathlessness
- উশাহ লu.xah loVerb-Intran.
বায়ু নাকেৰে টানি ল
To breathe in; draw air in by breathing.
- উশাহ সলাu.xah xo.laVerb-Intran.
(খন্তেক)জিৰাবলৈ কিবা কাম কৰা বন্ধ কৰ৷
stop doing something to take (a short) rest.
- উশাহ-নিশাহ লu.xah-ni.xah loVerb-Intran.
বায়ু হাওঁফাওঁলৈ শুহি ল আৰু হাওঁফাওঁৰ পৰা বাহিৰ কৰ্
Draw air into and expel it from the lungs
- উষুম্uṣumIntransitive verb
উখুম্।
- উষ্মায়নus.ma.yonVerbal Noun
চৰাইয়ে কণীৰ ওপৰত পৰি তাপ দিয়া কাৰ্য ৷
The act of warming eggs in order to hatch them, as by a bird sitting upon a clutch of eggs in a nest.
- উসৰ্গা কৰ্uxorga korVerb-Trans.
কাৰোবাৰ প্ৰতি শ্ৰদ্ধা বা মৰমৰ চিন স্বৰূপে কোনো পুথি, গীত আদি আনুষ্ঠানিকভাৱে দান কৰ্
To offer formally (a book, piece of music, etc.) to a person, cause, or the like in testimony of affection or respect, as on a prefatory page
- উহ যাuha, yāIntransitive verb
উজান উঠাৰ সময়ত (মাছে) কণী পাৰিবলৈ লুটিয়া-লুটি কৰ্।
- উহল্uhalIntransitive verb
অলপকৈ উখহ্; যেনে-"বেছিকৈ শুলে মুখ উহলে"
to swell
- উহ্য ৰাখ্u.jyo rakhVerb-Trans.
কিবা নেদেখুৱাকৈ বা প্ৰকাশ নকৰাকৈ ৰাখ্, বিশেষকৈ ফলাফল
not to show something, especially result
- উৎক্ষেপণut.khye.ponVerbal Noun
স্বয়ংচালিত যান বা আগ্নেয়াস্ত্ৰ হঠাত্ তীব্ৰ বেগেৰে লক্ষ্যৰ দিশে এৰি দিয়া কাৰ্য্য (যেনেঃ ৰকেট বা মিছাইল)
to send forth, catapult, or release, as a self-propelled vehicle or weapon (e.g. a rocket or missile)
- উৎক্ষেপণ কৰ্ut.khye.pon korVerb-Trans.
এটা ৰকেট সক্ৰিয় কৰি উৰাই দে৷
To fire a rocket
- উৎকৰ্ষ কৰ্Verb-Intran.
অধিক সংশোধন কৰ।
to improve an idea, method, system, etc. by making small changes.
- উৎখাত কৰ্Verb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উৎপন্ন কৰ্ut.pon.no korVerb-Trans.
নতুনকৈ হোৱা কৰ্
To bring into being; give rise to