কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মতিভ্ৰংশmo.ti.bhrong.xoAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মতিভ্ৰমmo.ti.bhromAbstract Noun
শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
a deviation from accuracy or correctness; the condition of believing what is not true
- মতিমানmatimānaAdjective
বুধিয়ক; জ্ঞানী
intelligent; sensible
- মত্ততাmot.to.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মতৰmataraNoun
তিৰোতাই মতাক বশ কৰা ঔষধ
medicine used by a woman to bring her husband or paramour to her subjection
- মথনmathanaNoun
মথা বা ঘোঁটা কাৰ্য্য
the act of churning
- মথনীmathanīNoun
ঘোঁটনী; ঘোঁটা-মাৰি
a churning stick
- মথাউৰিmathāuriNoun
বাঢ়নী পানী ভেটিবৰ কাৰণে নৈৰ পাৰে পাৰে বন্ধা ওখ আলি
an embankment along the edge of a river
- মথাৰিmathāriNoun
মূৰত মৰা কাপোৰ; পাগুৰিৰ দৰে মূৰত মেৰোবা কাপোৰ; . b >2/b>। (পু. অ.) মথাউৰি; যেনে-"ফটিকৰ মথৰি বন্ধাইলা মুষ্টিকৰ" (বঘাসূৰ-বধ)।
a piece of cloth wrapped round the head
- মথুৰাmathurāNoun
যুক্ত-প্ৰদেশৰ যমুনা নৈৰ সোঁ-পাৰে থকা এখন নগৰ; [তাত শ্ৰীকৱষ্ণৰ জন্ম হৈছিল।]
the town of Mathurā in U.P.
- মথুৰা, পাগ, মথুৰাপুৰীয়া পাগmathurā, pāga, mathurāpurīẏā, pāgaNoun
ডাঙৰ পাগ বা পাগুৰি
a large turban or pugri
- মথুৰা-পাগmo.thu.ra-pagMaterial Noun
দীঘল মথৰিৰে বন্ধা এক ডাঙৰ পাগুৰি
a large turban or head-wrap
- মথুৰাপতিmo.thu.ra.po.tiProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- মথুৰাপুৰীয়া পাগmo.thu.ra.pu.ri.ya pagMaterial Noun
দীঘল মথৰিৰে বন্ধা এক ডাঙৰ পাগুৰি
a large turban or head-wrap
- মথুৰেশmo.thu.rexProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- মথৰিmathariNoun
মূৰত মৰা কাপোৰ; পাগুৰিৰ দৰে মূৰত মেৰোবা কাপোৰ; . b >2/b>। (পু. অ.) মথাউৰি; যেনে-"ফটিকৰ মথৰি বন্ধাইলা মুষ্টিকৰ" (বঘাসূৰ-বধ)।
a piece of cloth wrapped round the head
- মদmadaNoun
সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor; rice-beer
- মদ কাৰখানাMaterial Noun
পাতন পদ্ধতিৰে সুৰা তৈয়াৰ কৰা উদ্যোগ
a place where distilling of alcoholic spirit is carried on
- মদ-পিঠাmada-piṭhāNoun
হুৰ-পিঠা; লাওপানী তৈয়াৰ কৰিবৰ নিমিত্তে লগা, নানা মচলা মিহলাই কৰা আৰৈ চাউলৰ পিঠাৰ লাৰু
a sort of spiced biscuit used for making fermented rice beer or lāop ānī
- মদ-বেচোঁতাmod-be.so~.taCommon Noun
যি সুৰা বা মদ বিক্ৰী কৰে
one who sells or deals in wine