কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘেওঁgheo`~Material Noun
টাকুৰী বা মহুৰাত থকা কম পৰিমাণৰ সূতা
a small quantity of thread in the wheel
- ঘেকেচ্ghekecNoun
দাৰে কটাৰ শব্দ।
- ঘেকেৰ্ghekerNoun
দাৰে কোব মাৰোঁতে বা কুকুৰে কামোৰ মাৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a short, quick sound produced by the stroke of a dāo or sword or biting of a dog
- ঘেক্ঘেকিghekghekiNoun
খেচ্খেচনি; কৰ্কশ ৰূপে খোজা
annoyance caused by repeated dunning
- ঘেগghegaNoun
মাদলীয়া।
- ঘেগেলাghegelāNoun
ঘুগুলা।
- ঘেঙনিgheṅaniNoun
কুকুৰৰ গোঁজৰণি; গেঙেৰি
the growl of a dog
- ঘেঙেৰাghe.nge.raVerbal Noun
বাৰে বাৰে কাতৰভাৱে খোজা কাৰ্য্য
repeated demand in a piteous tone
- ঘেতাghetāNoun
ঘাত; গান-বাজনাৰ মান বা ছেও; গীত-বাদ্যৰ এক এক অংশ শেষ হওঁতে বজোবা বাজনা
musical flourish made at the conclusion of each part of a musical performance
- ঘেলেং-ঘেটেংghelem-gheṭemNoun
জুলীয়া বস্ত্ত পাত্ৰৰ ভিতৰত লৰিলে বা ঘোদালিলে হোবাৰ নিচিনা শব্দ
sound produced by liquid things when agitated or shaken in a vessel
- ঘেৰgheraNoun
চোলা বা মেখেলা আদিৰ বেৰ
the width or circumference of a garment
- ঘেৰিধৰণghe.ri.dho.ronAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place
- ঘেৰো-বাঘghero-bāghaNoun
কুকুৰ-নেচীয়া বাঘ।
- ঘেৰ্ঘেৰghergheraNoun
কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
an imitative word used to express the sound of breath catching in the throat
- ঘেৰ্ঘেৰণিNoun
ঘেঁহনি; মৰিবৰ সময়ত কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
the death rattle
- ঘেৰ্ঘেৰিghergheriNoun
কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
an imitative word used to express the sound of breath catching in the throat
- ঘৈণীghaiṇīNoun
গৱহিণী; পত্নী; ভাৰ্য্যা
a wife
- ঘৈণীয়েকghoi.ni.yekCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- ঘোঁকটNoun
আচল ঠাই; সহজে ঢুকি নোপোবা ঠাই; সহজে সোমাৰ নোবৰা বা বস্ত্ত বিচাৰি নোপোবা ঠাই
a place not easily accessible
- ঘোঁকট-পাকটghom̐kaṭa-pākaṭaNoun
অসুবিধা; কামৰ আউল-জাউল; জঞ্জাল
inconvenience; confusion; difficulty