কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণাকণিkaṇākaṇiNoun
আনে নুশুনাকৈ কাণে কাণে কথা কোবা; গোপনে কথা-বতৰা কোবা
act of whispering to one another
- কণাকড়িkaṇākaṛiNoun
পানী-পৰুবা; জাক বান্ধি পানীৰ ওপৰত লৰি ফুৰা এবিধ পোক।
- কণাদkaṇādaNoun
বৈশেষিক নামৰ দৰ্শন শাস্ত্ৰ লিখা মুনি এজনৰ নাম
the name of the founder of the Vaiśeṣika school of philosophy
- কণাদিProper Noun
`বৈশেষিক` নামৰ দৰ্শন শাস্ত্ৰৰ লিখক এজন মুনি
the name of the author of the Vaiśeṣika, a book of Hindu philosophy
- কণাপুণীkaṇāpuṇīNoun
এবিধ সৰু পুণী।
- কণামাকৰিkaṇāmākariNoun
কাণৰ ভিতৰৰ মলি
ear-wax
- কণামাচিkaṇāmāciNoun
সৰু ল'ৰা-ছোবালীয়ে চকুত কাপোৰ বান্ধি কৰা এবিধ ধেমালি
a children's sport
- কণামুচৰিkaṇāmucariNoun
পানীৰ দাঁতিত চকু আধা মুদ খুবাই ডিঙি কোঁচ খুবাই জুপুকা মাৰি মাছলৈ খাপ দি থকা এবিধ বগ-জাতীয় মুগা বৰণৰ চৰাই; কাণী-বগুলা
the paddy bird
- কণাৰ দলিkaṇāra, daliNoun
কণা মানুহে মৰা দলিৰ নিচিনা ক'ত লাগে, ক'লৈ যায়, তাৰ ঠিক নোপোবা কাৰ্য্য; কি ফল ধৰে, তাৰ নিশ্চয় নোহোবা চেষ্টা
any work or attempt the results of which are uncertain
- কণাৰ লাখুটিkaṇāra, lākhuṭiNoun
অথন্তৰ বা নিৰাশ্ৰয় অবস্হাত পোবা অলপ আশ্ৰয় বা সহায়
something to stand by or depend upon
- কণিAbstract Noun
তাঁতৰ শালত কাঠিৰে ফুল তুলোঁতে এবাৰত তুলা ফুলৰ জোখ৷ উদাহৰণ- তোমাক একণি ফুল তুলিবৰ বাবে কিমান সময় লাগে?
A measurement of hand picking designs at one go in a handloom.
- কণি-কচুkaṇi-kacuNoun
এবিধ খেতিত হোবা আৰু আঞ্জা খোবা সৰু সৰু চেপু কচু।
- কণি-ধানko.ni-dhanCommon Noun
বাম খেতিত হোৱা এবিধ সৰু ঘূৰণীয়া ধান জাতীয় শস্য।
Setaria italica; a small-seeded species of cereal crops or grains, widely grown for food and fodder.
- কণিকাkaṇikāNoun
একণ; সৰু অংশ
a small particle
- কণিকা ত্বৰকko.ni.ka-two.rokMaterial Noun
আধানযুক্ত কণিকা যেনে প্ৰ’টন, ইলেকট্ৰণ, ডিউটেৰণ আদিক বিদ্যুত্-চুম্বকীয় ক্ষেত্ৰৰ জৰিয়তে ৰুদ্ধ-দ্বাৰৰ শূণ্য কোঠাত উচ্চ গতি শক্তি প্ৰদান কৰা এবিধ বৈজ্ঞানিক যন্ত্ৰ৷আণৱিক কণিকাৰ গঠন সম্পৰ্কে জানিবলৈ এই যন্ত্ৰৰ ব্যৱ্হাৰ কৰা হয়৷
A particle accelerator is a scientific instrument which accelerates charged particles such as protons, electrons, deuterons. This acceleration is achieved by using focused magnetic fields to route the beam of particles through a sealed vacuum chamber. The exact design of the beam's path and magnetic configuration determines the type of particle accelerator - cyclotron, synchrotron, betatron, tandem electrostatic accelerators, etc.A particle accelerator is "a scientific instrument that increases the kinetic energy of charged particles." This definition makes clear an important aspect of why particle accelerators exist - to increase the kinetic energy of particles and, therefore, the kinetic energy transformed into other energy forms during the collisions of these particles.
- কণিকা সাহিত্যko.ni.ka xa.hi.tyoAbstract Noun
মোটামোটি একেটা বৈঠকতে অৰ্থাত্ খৰকৈ পৰিপূৰ্ণ আস্বাদন ল’ব পৰা সৰু, চুটি সাহিত্য কৰ্ম, যেনেঃ চুটিগল্প, একাংকিকা আৰু লঘু ৰচনা৷
short pieces of literary works like short story, one-act play etc. which can be read and appreciated usually in one sitting i.e. in a short span of time.
- কণিকাৰ্বুদCommon Noun
দেহৰ মূল অংশত হোৱা এক অকলশৰীয়া টেমুনা
a solitary tumor with a predilection for the trunk of older individuals
- কণিবিহko.ni.bihProper Noun
এবিধ সামান্য বিহৰ গুটি আৰু তাৰ গছ৷ ইয়াক বনৌষধ হিচাবে ব্যৱহাৰ কৰা হয় ৷
Croton is an extensive plant genus of the family Euphorbiaceae. It is a shrub type plant. Croton oil, used as a traditional herbal medicine.
- কণিবিহৰ গুটিko.ni.bi.hor gu.tiCommon Noun
অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷
a wicked or evil person; someone who do serious harm in future.
- কণিবিহৰ সঁচko.ni.bi.hor xo~sCommon Noun
অতি অপকাৰী মানুহ বা ভৱিষ্যতে আনক অপকাৰ কৰিব পৰা মানুহ ৷
a wicked or evil person; someone who do serious harm in future.