কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লেপেটীয়াlepeṭīẏāAdjective
আৰম্ভ কৰা কামৰ শেষলৈকে লাগি থকা; নেৰা- নেপেৰাকৈ কামত লাগি থকা
persevering
- লেবাlebāAdjective
স্পষ্টকৈ বা ফুটাই কথা ক'ব নোবৰা
unable to speak distinctly
- লেবেজানle.be.janVerbal Adj.
বহু সময় কষ্টকৰ কাম কৰাৰ পাচত ভাগৰ আৰু আমনি লগা
tired and bored, usually because you have had too much of something
- লেবেৰা-হতীয়াleberā-hatīẏāAdjective
সোঁ হাতেৰে কৰিব লগা কাম বাঁও হাতেৰে কৰা; সোঁ হাততকৈ বাঁও হাত বেছি চলা
left-handed
- লেবেৰাহতীয়াle.be.ra.ho.ti.yaProper Adj.
সোঁ হাতেৰে কৰিব লগা কাম বাওঁ হাতেৰে কৰা অভ্যাসযুক্ত৷
one who prefers to work with his/her left hand.
- লেমলেমীয়াlemalemīẏāAdjective
দৱঢ় নোহোবা; ঢিলা; বান্ধ নথকা (কথা বা মানুহ)
lax; not strict
- লেলপেলlel.pelProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- লেলিহানlelihānaAdjective
ওলাই থকা; মেলি থকা; যেনে-"লেলিহান জিহ্বাক দেখন্তে লাগে ভয়" (মিশ্ৰ-গীতা)।
- লেলেটীয়াleleṭīẏāAdjective
বহুদিনলৈকে দুখ ভুঞ্জা; বৰকৈ কষ্ট খায়ো নমৰা; ললাট ভুঞ্জা
suffering long
- লেলোবা-ধেন্দোবাlelobā-dhendobāAdjective
ক্ষীণ; দুৰ্বল
feeble; exhausted; half-hearted
- লেশমাত্ৰlex.mat.roProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- লেশমানlex.manProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- লেহুকাlehukāAdjective
লাহী; সহজে ভিৰাব পৰা
slender; flexible
- লেহেতিয়াlehetiẏāNoun
জলকীয়া পাতৰ সদৱশ পাতেৰে এবিধ বন- শাক
a kind of pot-herb
- লেহেমlehemaAdjective
পলম
delay
- লেহেমীয়াlehemiyaVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- লেহেৰাleherāAdjective
অসমৰ্থ; দুৰ্ব্বল
incompetent; weak
- লেৰুবাlerubāAdjective
ডাঙৰ আৰু ওলমি পৰা (ওঁঠ)
thick and hanging down (said of lips)
- লেৰুবা-ওঁঠাAdjective
ডাঙৰ আৰু ওলমা ওঁঠ থকা
having thick lips
- লেৰেলাAdjective
withered