কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তৎকালীনভাৱেAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- তৎকালেtot.ka.leAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- তৎক্ষণাৎtot.khyo.natAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তৎপৰ হVerb-Intran.
বৰ খৰকৈ কৰোবালৈ যা৷
to go in a hurried manner
- তৎমুহূৰ্ততেtot.mu.hur.to.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তৎসময়tot.xo.moyAdverb
অলপ সময়ৰ আগতে ঘটি বা হৈ যোৱা ৷
Of, belonging to, or occurring at a time immediately before the present.
- তড়িত্-বাৰ্ত্তাto.rit-bar.taVerbal Noun
বিদুলী-ডাকৰ জৰিয়তে পঠোৱা বাৰ্ত্তা
message sent by a sending a telegram
- তয়taẏaAdverb
সেই ঠাইত; তাত; যেনে-"একো উপচক্ৰ নুপজে তয়" (কীৰ্ত্তন)
there; at that place
- তৰঙাtaraṅāTransitive verb
তৰ্; থিয় কৰ্; প্ৰকাশ কৰ্; যেনে-ঘৰ তৰঙা; গা তৰঙা
to erect; to cause to stand; to show
- তৰতৰাবেtaratarābeVerb
থৰথৰকৈ কঁপে; যেনে-"ভকতসবে ৰাম- নাম গাবে। কাল-মায়া ডৰে তৰতৰাবে" (নামঘোষা)।
- তৰপা তৰপেto.ro.pa to.ro.peAdverb
এটা তৰপৰ ওপৰত আন এটা তৰপ থকা ৷
laid in layers - one top of another
- তৰপা-তৰপে, তৰপে তৰপেAdverb
এতৰপৰ পাছত আন এতৰপ; এখলপাৰ পাছত আন এখলপা; এচামৰ পাছত আন এচাম
layer by layer; batch by batch
- তৰপাতৰপিto.ro.pa.to.ro.piVerbal Noun
এটা তৰপৰ ওপৰত আন এটা তৰপ হৈ থকা অৱস্থা ৷
laminated structure; arrangement in thin layers.
- তৰপে তৰপেto.ro.pe to.ro.peAdverb
এটা তৰপৰ ওপৰত আন এটা তৰপ থকা ৷
laid in layers - one top of another
- তৰফদাৰী কৰ্to.roph.da.ri korVerb-Intran.
কোনোবা বা কিহবাৰ প্ৰতি ৰাজহুৱাভাবে সমৰ্থন প্ৰকাশ কৰ্
to express support for someone or something, especially in public
- তৰফেAdverb
কোনো পক্ষ বা ফালৰ হৈ। যেনে-এক-তৰফা ডিক্ৰী
on behalf of
- তৰবৰাIntransitive verb; Adjective
তৰবৰীয়া।
- তৰলীকৃতto.ro.li.kri.toVerbal Adj.
গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ ৰূপান্তৰিত
changed from a solid to a liquid state
- তৰলীকৰণto.ro.li.ko.ronVerbal Noun
জুলীয়া অৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া
the process of making or converting to liquid state
- তৰস্tarasIntransitive verb
ত্ৰাস লাগ্; ভয় পা; যেনে-"ভয়ে আতি খৰধৰ গ্ৰহ তাৰা তৰসিল মহা ভয়ে সঞ্চাৰিলা" (বঘাসুৰ)।