কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাট-বজাৰhat-bo.jarAbstract Noun
যি ঠাইত বস্তু বেছা-কিনা কৰা হয়
a place where buying and selling takes place
- হাট-বাটhāṭa-bāṭaNoun
মিলা-প্ৰীতি বা কাম-ভাবত এজনে আন এজনৰ লগত দেখা শুনা বা সংসৰ্গ কৰা কাৰ্য্য (পৰস্পৰ বিবাহ নোহোবা মুনিহ তিৰোতাৰ সংসৰ্গত); যেনে-"আজি বহু দিনৰেপৰা দুয়োকে হাট-বাট কৰা আমি দেখিছো"
undue or amorous tamiliarity or intercourse between a man and a woman who are not married to each other
- হাটকha.tokMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- হাটখোবাNoun
হাট ডাকি লৈ তাৰ উৎপন্ন ভোগ কৰা লোক; হাটৰ দান তোলা বিষয়া
a lessee or collector of tolls of a market
- হাটখোলাhāṭakholāNoun
হাট বহা ঠাই।
- হাটাৰি-বাজাৰিhāṭāri-bājāriNoun
হাটৰুবা আৰু বজৰুবা; হাট-বজাৰ কৰা মানুহ; যেনে-'হাটাৰি-বাজাৰি-লৈকে সকলেও তেওঁক ৰজা পাতিছে বুলি কোবাকৈ থাকে" (বুৰঞ্জী)
those who visit fairs and markets for trade
- হাটীhāṭīNoun
সত্ত্ৰৰ ভকত বা পঢ়াশালিৰ ছাত্ৰ থকা লালী পাতি সজা ঘৰ
a row of residential houses attached to a religious institution or a school
- হাটী-মতাNoun
হাটীত থকা ভকতসকলক নাম ল'বলৈ বা আন কোনো কাম কৰিবলৈ সঁকীয়াই দিয়া বিষয়া
an officer in a sattra whose duty it is to call the bhakat to prayer or meeting
- হাটীমূৰীয়াNoun
হাটীৰ এমূৰত থকা লোক
one residing at the end of a row of houses
- হাটোবালীhāṭobālīNoun
হাটত থকা ভুতুনী
a female goblin supposed to haunt market-place
- হাটোৱালীha.to`.wa.liAbstract Noun
শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ
mental representation of some strange experience, visible disembodied soul of a dead person
- হাটৰুবাhāṭarubāAdjective
হাটত বেচা কিনা কৰা (বস্ত্ত)
brought or sold in a market
- হাণ্ডীhan.diMaterial Noun
তলত খুৰা নথকা ডাঙৰ ঘটিৰ দৰে চুটি ডিঙিৰ ঘূৰণীয়া এবিধ পিতলৰ পাত্ৰ
an round water-vessel made of brass, which has a short neck and does not have a foot to stand
- হাতhātaNoun
কিলাকুটিৰপৰা আঙুলিৰ মূৰলৈকে অঙ্গ; হস্ত
the hand
- হাত কৰতhāta, karataNoun
এহাতেৰে চলাব পৰা সৰু কৰত
a hand- saw
- হাত চোৱা বিদ্যাhat so`.wa bi.dyaAbstract Noun
হাতৰ ৰেখা চাই ভৱিষ্যবাণী কৰা বিদ্যা
Telling fortunes by lines on the palm of the hand
- হাত মোজাhat mo’.jaCommon Noun
হাতত পিন্ধা এক আৱৰণ বা মোজা৷
a type of garment which covers the hand. Gloves have separate sheaths or openings for each finger and the thumb; if there is an opening but no covering sheath for each finger they are called `fingerless gloves`. Fingerless gloves with one large opening rather than individual openings for each fingers are sometimes called gauntlets. Glove which cover the entire hand but do not have separate finger openings or sheaths are called mittens.
- হাত মৰা-মৰিhāta, marā-mariNoun
এজনক দিব লগা বস্ত্ত পাছে দিবলৈ গাত লৈ তাৰ মূল্য-স্বৰূপে আন এটা বস্ত্ত মধ্যস্হ এজনৰ হাতত বন্ধক দি তেওঁক সাক্ষী কৰা কাৰ্য্য
an acknowledgment of liability to a person by giving something as its value to a third person present to be held by him as a pledge
- হাত-আখৰhāta-ākharaNoun
নিজ হাতে লিখা আখৰ
one's own hand-writing
- হাত-উজানhāta-ujānaNoun
লাগ-ভাগ; কামত সহায়
help