কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকাৰ-ইঙ্গিতNoun
আকৱতি আৰু ঠাৰ; ভাব-ভঙ্গী
sign and gesture
- আকিঞ্চনākiñcanaNoun
দাৰিদ্ৰ্য
poverty
- আকুঞ্চনākuñcanaNoun
কোঁচ খোবা কাৰ্য্য; সঙ্কোচন; যেনে -"বানৰ আকুঞ্চন" (ক.গী.)
contraction
- আকুতAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- আকুপাংচাৰa.ku.pang.sarAbstract Noun
২৫০০ বছৰ পুৰণি চীনদেশীয় চিকিৎসা পদ্ধতি৷দেহৰ নিদিষ্ট কিছুমান বিন্দুত বেজিৰে খুচি এই চিকিৎসা কৰা হয়৷ দেহৰ মাজেদি শকুপাংচাৰৰ মূল সূত্ৰ।
Acupuncture is a component of the health care system of China that can be traced back at least 2,500 years. The general theory of acupuncture is based on the premise that there are patterns of energy flow (Qi) through the body that are essential for health.
- আকুলākulaAdjective
ব্যগ্ৰ
eager
- আকুলতাNoun; Adjective
আকুলিত।
- আকুলাākulāNoun
চুটি চেলেং কাপোৰ
a short sheet
- আকুহি বগCommon Noun
দীঘল ধেনুভৰীয়া ঠোটেৰে বগলী সদৃশ চৰাই৷
The ibises (collective plural ibis; classical plurals ibides and ibes are a group of long-legged wading birds in the family Threskiornithidae.They all have long, down-curved bills, and usually feed as a group, probing mud for food items, usually crustaceans. Most species nest in trees, often withspoonbills or herons.
- আকৃতিak.ri.tiMaterial Noun
যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷
A form or condition in which something may exist or appear.
- আকৃতি-প্ৰকৃতিa.kri.ti-pro.kri.tiAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- আকেākeNoun
নিয়াৰি
anvil
- আকোঁচাākom̐cāNoun
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোবা
not prevented by a sence of shame; audacious
- আকোলা-আকুলিākolā-ākuliNoun
সাবটা-সাবটি
mutual embracing
- আক্কেলākkelaNoun
বুদ্ধি; আকল।
- আক্তিak.tiAbstract Noun
পেটৰ নাড়ী উজাই বমি হ’ব যেন লগা ভাৱ ৷
An unsuccessful effort to vomit; strain to vomit.
- আক্ষৰakh.yorAbstract Noun
অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন
symbols to convey meanings
- আক্ষৰিক অনুবাদa.khyo.rik o.nu.badVerbal Noun
মূলৰ একো সালসলনি নকৰাকৈ কৰা অনুবাদ।
translation of the source text word by word, line by line without any interpretation.
- আক্ষৰিক অৰ্থa.khyo.rik or.thoAbstract Noun
শব্দৰ ধাতু বা মূলৰ পৰা হোৱা অৰ্থ
etymological meaning of a word
- আক্ষৰিকতাবাদAbstract Noun
শিল্প বা সাহিত্যত বাস্তৱিক চিত্ৰণ
adherence to the explicit substance of an idea or expression