কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেমাভhe.mabhProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- হেলনীয়াAdjective
আওগৰীয়া; আওঢলীয়া; এফাললৈ কাতি হোবা; ঢাল লোবা
slanting; leaning to one side; sloping
- হেলনীয়াhelanīẏāAdjective
হলা; এফাললৈ কাতি হোবা।
- হেলাওটাhelāoṭāNoun
হেলা; কামত এলাহ বা অমনোযোগ; হেলেম-হেতেম
laziness; inattention, or indifference to work
- হেলেং-পেলেংhelem-pelemNoun
ঢলং-পলং; দুখ-ভাগবত বা ভোক-পিয়াহত অস্হিৰ অবস্হা
a sense of weakness owing to hunger or fatigue; sense of exhaustion
- হেলেক-পেলেকhe.lek-pe.lekProper Adj.
অস্থিৰভাৱে লৰচৰ কৰা
having small and irregular movements
- হেলেকলেকীয়াhe.lek.le.ki.yaProper Adj.
টানকৈ ধৰি বা বান্ধি নোথোৱা
Not tightly held or fixed, etc.
- হেলেকাhelekāAdjective
ভালকৈ খাঁজ নোখোবা; লৰক-ফৰক; সোলোক-ঢোলোক; লোলা
not tightly fitted; slack; loose
- হেলেক্-পেলেক্helek-pelekAdjective
"হেলেকা"; লৰক-ফৰক।
- হেলেক্লেকীয়াheleklekīẏāAdjective
ভালকৈ খাঁজ নোখোবা; লৰক-ফৰক; সোলোক-ঢোলোক; লোলা
not tightly fitted; slack; loose
- হেয়heẏaAdjective
ত্যাগৰ উপযুক্ত; এৰি পেলাব লগীয়া; ধৰিব নলগীয়া
fit or proper to be abandoned or rejected
- হেৰা পোবাAdjective
গৰাকী নথকা বা বাটত পৰি থকা অবস্হাত পোবা
found or picked up without an owner
- হেৰে(ৰা)মগৰীয়াhere(rā)magarīẏāAdjective
আওগৰীয়া; হেলনীয়া; কোনো বস্ত্ত থ'লে বাগৰি যোবা
sloping, as ground; slanting
- হেৰেপাAdjective
জাপ খাই পৰি থকা (হাবি-বননি)
beaten down as grass; laid flat on the ground
- হেৰেপামুবাAdjective
চেপেটা-মুবা; হেপেটি-মুবা
having a flat or distorted face
- হেৰেপামুৱাhe.re.pamu.waProper Adj.
দেখাত চেপেটা যেন লগা মুখমণ্ডল যুক্ত।
having a flat-looking, distorted face.
- হেৰেমগৰীয়াhe.rem.go.riyaProper Adj.
এফাললৈ হাউলি থকা |
Having an oblique or slanted direction; something inclined to one direction.
- হেৰোৱাhe.ro`.waVerbal Adj.
যিটো বৰ্ত্তমানে হাতত নাই বা হেৰাইছে
no longer possessed or retained
- হেৰ্পেটীherpeṭīAdjective
চেপেটা পেট-যুক্ত
having a flat belly
- হৈমhoi.moProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.