কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কষ্টসাপেক্ষkos.to.xa.pe.khyoProper Adj.
যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন
demanding considerable effort or skill
- কষ্টোপাৰ্জিতkos.to`.par.ji.toProper Adj.
অতি কষ্টেৰে বা তীব্ৰ প্ৰচেষ্টাৰ সহায়ত উপাৰ্জন বা আহৰণ কৰা
acquired or attained by great effort or work
- কহুবাkahubāAdjective
কাহ ৰোগ থকা; কাহি থকা
subject to cough; asthmatic
- কহুৰাko.hu.raProper Adj.
সদায় কাহি থকা; বৰকৈ কাহি থকা ব্যক্তি ৷
Someone who is suffering from severe cough.
- কহ্কহীয়াkahkahīẏāAdjective
শিলিখা, আম্লখি আদি কেঁহা বস্ত্ত খাই (মুখ) পৰিষ্কাৰ লগা
made tasteful by chewing myrobalam, etc. (said of the mouth)
- কাঁইটযুক্তka~it.juk.toProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- কাঁইটীয়াAdjective
কাঁইট থকা; কাঁইট- যুক্ত; যেনে-কাঁইটীয়া (হাবি); ; কাঁইটীয়া (মাছ)
full of thorns ; bony; full of bones
- কাঁইঠীয়াkām̐iṭhīẏāAdjective
গা-গাঁৰি নোহোবা; খীণোবা
lean and lanky; thin
- কাঁকৈছিৰাkām̐kaichirāNoun
কাঁকৈৰ দাঁত বা দাঁৰৰ মাজৰ দীঘল কাটৰ নিচিনা ফাট কাঁকৈৰে আঁচুৰিলে যেনেকৈ ছিৰে বা ফালে তেনে দীঘল ফাট
a strainght crack extending lengthwise
- কাঁচিয়লিkām̐ciẏaliAdjective
কোমল; পুবা ওলাই অহা; নথকা (ৰ'দ)
not mature; mild (as the morning sunshine)
- কাঁটল-ফুটাAdjective
ভালকৈ ডেকা হোবা; যৌবন অবস্হা পোবা
full grown; mature
- কাঁৰীkām̐rīAdjective
উৰাল বা ঢেঁকীত পৰিষ্কাৰ কৰা; কঁৰা
cleaned, as rice; husked
- কাঁৱৰাka~w.raProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- কাং ওলোবাkām, olobāAdjective
খীণ; মঙহ নাইকিয়া হোবা
lean; emaciated
- কাংক্ষিতVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- কাইতাProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- কাইনাProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- কাউৰী-ঠেঙীয়াkāurī-ṭheṅīẏāAdjective
কাউৰীৰ নিচিনা লেৰেলা, মঙহ-নাইকিয়া ঠেং যাৰ (মানুহক নিন্দা কৰাত ব্যবহাৰ হয়)।
- কাক-তালীয়kāka-tālīẏaAdjective
পৰস্পৰৰ ভিতৰত কাৰ্য্য-কাৰণ সম্বন্ধ নথকা সত্ত্বেও আকস্মিকভাবে একেলগে ঘটা (ন্যায়)।
- কাকতালীয়kak.ta.li.yoProper Adj.
পৰস্পৰ সম্বন্ধ নথকা অথচ আকস্মিকভাবে একেলগে ঘটা ।
a remarkable occurance of events or circumstances at the same time but without apparent connection.