কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেতা-ওপৰা কৰ্he.ta-u.po.ra korVerb-Trans.
আনৰ কামত লাগি বাধা জন্মা
to take part in the affairs of others, and thus creating obstruction
- হেতিয়াhetiẏāTransitive verb
পানীৰ তলত হাতেৰে থপিয়া বা বিচাৰ্
to grope under water
- হেত্বাভাসVerbal Noun
যুক্তিযুক্ততাহীন বা ন্যায্যতাহীন হোৱা অৱস্থা বা গুণ
the state of being contrary to or disregardful of the rules of logic
- হেনজানিhe.no.ja.niAdverb
উক্ত কাৰণত
for that reason, in consequence
- হেনে জানিhe.ne ja.niAdverb
উক্ত কাৰণত
for that reason, in consequence
- হেন্দোল্hendolIntransitive verb
ওলমি লৰি থাক্; দোল; প্ৰবলভাবে সঞ্চালিত হ; তল-ওপৰ কৰি থাক্
to rock; to swing; to oscillate rapidly; to be greatly agitated
- হেপোৰ-ভেপোৰকৈAdverb
অতি কষ্টেৰে
with utmost toil and trouble
- হেম্বাৰাবেAdverb
হেম্বে হেম্বে ৰাও কাঢ়ি; হেম্বেলিয়াই
lowing (said of cows)
- হেম্বেলিয়াIntransitive verb
হেম্বে হেম্বে শব্দ কৰ্; গাইৰ দৰে মাত
to low as a cow
- হেলনীয়াAdjective
আওগৰীয়া; আওঢলীয়া; এফাললৈ কাতি হোবা; ঢাল লোবা
slanting; leaning to one side; sloping
- হেলা-ৰঙ্গে(-ঙে)helā-raṅge(-ṅe)Adverb
হেলা আৰু ধেমালিৰ ওপৰতে; অনায়াসে; যত্ন বা পৰিশ্ৰম নকৰাকৈ; হেলায়
easily; without exertion or effort
- হেলাই হেঁপাইhe.lai he~.paiAdverb
মুখেৰে শব্দ কৰি খৰকৈ, চুটি-চুটিকৈ মুখেৰে উশাহ লৈ
breathing quickly and loudly through mouth
- হেলাই-হেঁপাইhelāi-hem̐pāiAdverb
"হেঁপাই-ফোঁপাই" চোবাঁ।
- হেলায়helāẏaAdverb
কোনো কাম নকৰি; অনাহকতে; হেলা কৰি; এলাহত; যেনে-"হৈৰ হেলায় গবাইলো হৰি ইহেন জনম" (কীৰ্ত্তন)
in idleness
- হেলাৰঙেhe.la.rongeAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- হেস্ত-নেস্ত কৰ্hes.to-nes.to korVerb-Trans.
কোনো বিষয়ত খাটাং সিদ্ধান্ত ল
to deal with conclusively
- হেহোঁ-নেহোঁ কৰ্he.ho`~-ne.ho`~ korVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- হেয় কৰ্Verb-Trans.
(কাৰোবাক) গুৰুত্বহীনৰূপে দেখুৱা বা প্ৰতিষ্ঠা কৰ্
to regard or portray as less impressive or important than appearances indicate
- হেয় প্ৰতিপন্ন কৰ্Verb-Trans.
(কাৰোবাক) গুৰুত্বহীনৰূপে দেখুৱা বা প্ৰতিষ্ঠা কৰ্
to regard or portray as less impressive or important than appearances indicate
- হেয়জ্ঞান কৰ্he.yo.gyan korVerb-Trans.
Fail to care for or not paying any attention