কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লোভ দেখুৱাlo’bh de.khu.waVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- লোমা-লোমেlo`.ma-lo`.meAdverb
Done or implemented the whole of a job.
- লোলিতVerbal Adj.
In a state of fear or choke or cold with rapid shivering
- লোল্lolIntransitive verb
ওলম্; ওলমি লৰি থাক্; যেনে-"বহল উৰে বনমাল লোলে" (বৰগীত)।
- লোহেloheVerb
ওলমি লৰি থাকে; যেনে-"ৰূপে ভূবন মোহে গলে গজমতি লোহে" (বৰগীত)।
- লোৰোক্lorokIntransitive verb
খুঁচৰি খুঁচৰি বিচাৰ্; তন্ন্ তন্নকৈ অনুসন্ধান কৰ্
to search about minutely; to rake up
- লোৰ্lorTransitive verb
কাটি বা হাতেৰে সংগ্ৰহ কৰ্ (খৰি)
to cut and gather, as fuel
- লৌ লৌ কৰেlau, lau, kareAdverb
তৌ তৌ কৰে; বৰ বেগেৰে
rapidly
- লৌ-লৌ কৰেlou-lou ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- লয় যাloy jaVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- লয়লাসেAdverb
তালে সুৰে মিলাই; ছেও ধৰি নাচনীৰ দৰে মনোমোহা গতিৰে
in musical harmony; charmingly
- লৰlorVerbal Noun
তীব্ৰ বা ক্ষীপ্ৰ গতিৰে আগুৱাই যোৱা কাৰ্য্য
the act of a person, animal, or thing that runs or moving at a high speed
- লৰ দেlor deVerb-Intran.
বৰ খৰকৈ কৰোবালৈ যা৷
to go in a hurried manner
- লৰলৰাlaralarāIntransitive verb
চুলিৰ মাজেদি বেগাই লৰ মাৰ্ (ওকণী)।
- লৰাlarāTransitive verb
কঁপা; সঞ্চালিত কৰ্; অলপকৈ জোকাৰ বা ঘোঁটা
to shake or move; to stir
- লৰা-ঢপৰাকৈlo.ra-dho.po.ra.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- লৰালৰিকৈlo.ra.lo.ri.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- লৰি-চৰিlari-cariAdverb
লৰ-চৰ কৰি; ইফালে সিফালে গৈ
moving about
- লৰি-ঢাপৰিAdverb
লৰা-ঢপৰা কৰি।
- লৰুবাlarubāTransitive verb
লৰ মৰা; লৰ ধৰা; বেগেৰে গতি কৰা
to cause to run