কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কটাক্ষkaṭākṣaNoun
চকু কেৰাহি বা কেঁচিয়াকৈ কৰা দৱষ্টি; চকু পকাই কৰা দৱষ্টি
a side-long look
- কটাক্ষপাতko.ta.khyo.patVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- কটালkaṭālaNoun
পৰিমাণ; যেনে-"এবে তঘু বলৰ কটাল যেবে পাওঁ" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)
measure
- কটালিkaṭāliNoun
মাহ, সৰিয়হ আদি শস্য মৰাৰ পাছত বাকী থকা শুকান জাবৰ; যেনে-"সৰিষ-কটালি-তলে থাকোঁহো সোমাই" (শঙ্কৰ-চৰিত)
dry stalks or trash of grains
- কটাহkaṭāhaNoun
কেৰাহী; লোহোৰা
a frying pan
- কটাহিkaṭāhiNoun
খঙেৰে চকু পকাই চোবা; সামান্য খং প্ৰকাশ; যেনে-"ল'ৰাটোবে অলপো কটাহি নসহে"
angry look; show of anger
- কটাহী বেঙেনাko.ta.hi be.nge.naCommon Noun
সৰু সৰুকৈ থোপাথোপে গুটি লগা এবিধ বেঙেনা জাতীয় তিতা গছ আৰু তাৰ ফল ৷ মানুহে তাৰ আঞ্জা খায় ৷
Brhati is a medicinal plant. Brhati occurs throughout India, often in waste places, on roadsides and in open scrublands. It is a prickly, much branched shrub, usually spreading or diffused, It grows upto 1-5 metres in height. The young branches are densely covered with minute star – shaped hairs . The prickles are yellow, shining, about 1-5 cm long. The leaves upto 10 cm long, their midribs and other nerves with sharp yellow prickles. The flowers are purple, about 2 cm long, in racemose extra – axillary cymes. The fruits round, 1.5 – 2 cm, dark yellow when ripe. The seeds are smooth, minutely pitted. The botanical name of brhati is Solanum indicum and it belongs to family Solanceae. In the Ayurvedic formulary of India. Solanum indicum (brhati) and Sulanum xanthocarpum (kantakari), together, are termed as brhari dvayam. The fruit and root of brhati contain wax, fatty acids and alkaloids solanin and solanidine. Traditionally, among some of the tribal people in the North East India, the raw berry fruits of brhati are crushed and applied on boils, scorpion stings and bee stings. They are also eaten for the cure of diabetes.
- কটাৰ পোNoun
গালি পৰা মাত; নষ্ট যোবাৰ পো
a term of abuse; a son of a damned man
- কটাৰীkaṭārīNoun
এবিধ সৰু চঁচা-কটা কৰা অস্ত্ৰ
a knife
- কটাৰী-ডবুবা মাহNoun
এবিধ উৰহী গছৰ নিচিনা লতা আৰু তাৰ ছেঁইৰ ভিতৰত হোবা মাহ
a kind of bean
- কটাৰ্kaṭārNoun
কটাৰী; সৰু অস্ত্ৰ।
- কটিkaṭiNoun
শৰীৰৰ মাজ ভাগ; কঁকাল; নাই আৰু কৰঙনৰ মাজছোবা
the waist
- কটি-তটNoun
কঁকাল আৰু কঁকালৰ ওচৰৰ অংশ; নাই আৰু কৰঙনৰ মাজৰ ছোবা।
- কটিদেশko.ti.dexMaterial Noun
মানুহৰ দেহৰ পাচফালে সোঁমাজত থকা মঙহাল উখহা অংশ দুটা
Each of the two fleshy protuberances at the rear of the human trunk
- কটিবন্ধko.ti.bon.dhoMaterial Noun
কঁকালত বন্ধা এবিধ দীঘল কাপোৰ|
A cloth worn about the waist.
- কটিবস্ত্ৰko.ti.bros.toMaterial Noun
পুৰুষে কঁকালত পিন্ধা আৰু পদসন্ধিলৈকে ঢকা সৰু কাপোৰৰ টুকুৰা৷
a small-piece male garment, sometimes kept in place by a belt, which covers the genitals and, at least partially, the buttocks.
- কটিয়া-ঢাৰিkaṭiẏā-ḍhāriNoun
গাধৈৰে কৰা ঢাৰি
a mat made of crushed reed
- কটীয়াkaṭīẏāNoun
যি কাটে; কাটোঁতা (সদায় আন শব্দৰ পাছত যোগ হয়); যেনে-"খেৰ-কটীয়া; খৰি-কটীয়া
one who cuts
- কটীৰko.tirMaterial Noun
মাটিৰ তললৈ স্বাভাৱিক ভাৱে হোৱা ডাঙৰ গাঁত বা পথ, বিশেষকৈ যেতিয়া ই উপৰিভাগৰ ফালে মুকলি হৈ থাকে।
hollow or natural passage under or into the earth, especially one with an opening to the surface.
- কটীৰকko.ti.rokMaterial Noun
মাটিৰ তললৈ স্বাভাৱিক ভাৱে হোৱা ডাঙৰ গাঁত বা পথ, বিশেষকৈ যেতিয়া ই উপৰিভাগৰ ফালে মুকলি হৈ থাকে।
hollow or natural passage under or into the earth, especially one with an opening to the surface.